নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ভলীবল দলত বটদ্রৱাৰ আজমল কবীৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ আর্থিক অনাটনে যে কোনো প্রতিভাক বান্ধি ৰাখিব নোৱাৰে, এই কথা পুনৰবাৰ প্রমাণ হ’ল বটদ্রৱাৰ আলিটাঙনিত৷ আলিটাঙনিৰ ক্ষুদ্র ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল কবীৰে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ভলীবল দলত৷ ৩০ অক্টোবৰৰ পৰা নেপালত হ’বলগীয়া ছাউথ এছিয়ান গেমছত ভাৰতীয় দলৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যে আজি নেপাললৈ যাত্রা কৰিছে খেলুৱৈগৰাকীয়ে৷ আলিটাঙনিৰ অৱসৰপ্রাপ্ত শিক্ষক প্রয়াত মৌলানা আব্দুছ ছাহিদৰ কনিষ্ঠ পুত্র আজমলৰ এই সফলতাৰ বাবে গৌৰৱান্বিত বৃহত্তৰ আলিটাঙনি অঞ্চল৷ আজি আলিটাঙনি চাৰিআলিত স্থানীয় ব্যৱসায়ী সন্থাৰ সভাপতি আব্দুল খালেক, বটদ্রৱা সাংবাদিক সন্থাৰ হৈ সাধাৰণ সম্পাদক মাজিদুল ইছলাম, আলিটাঙনি আমছুৰ হৈ মিজানুৰ ৰহমানৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে আজমল কবীৰক সম্বর্ধনা জনায়৷

You might also like