নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহে পানীৰ তলত বিৰুবাৰী–জিএমচিএইচ পথ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ  গুৱাহাটী মহানগৰীৰ বাট–পথ উন্নয়নৰ নামত বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো ইয়াৰ একাংশ বাট–পথৰ আজিও উন্নয়ন নহ’ল৷ দীর্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত মহানগৰীৰ অধিকাংশ বাট–পথ যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী উন্নয়ন কর্তৃপক্ষৰ একাংশ বিষয়া–কর্মচাৰীৰ আওকোণীয়া মনোভাবৰ বাবেই এনে জৰাজীর্ণ পথৰে সর্বসাধাৰণ নাগৰিকে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিছে৷

বিশেষকৈ মহানগৰীৰ সদাব্যস্ত অঞ্চল বিৰুবাৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সংযোগী জিএমচিএইচ পথছোৱা মেৰামতিৰ অভাৱত জহি খহি গৈছে৷ তদুপৰি সদাব্যস্ত পথছোৱাৰ দুয়োকাষে বিজ্ঞানসন্মত নলা–নর্দমা নথকাৰ বাবে বছৰৰ ছমাহে পথছোৱাৰ অধিকাংশ পানীৰ তলত থাকে৷ বাৰিষাৰ সময়ছোৱাত নলাৰ পৰা উঠি অহা বোকা আৰু লেতেৰা পানীয়ে পথছোৱা কদর্য কৰি পেলায়৷ ফলত পথছোৱাৰে যাতায়াতৰ ক্ষেত্রত সর্বসাধাৰণ ৰাইজে চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ দীর্ঘদিন ধৰি মেৰামতি নকৰাত শিলগুটি ওলোৱাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতত পানী জমা হৈ থকাত বহু যান–বাহন দুর্ঘটনাত পতিত হৈ কেইবাগৰাকী লোক ইতিমধ্যে আহত হৈছে৷

উল্লেখ্য যে জিএমচি এইচৰ পৰা বিৰুবাৰী হৈ চেৰাবভাতী সংযোগী এই সদাব্যস্ত পথছোৱাৰে নিতৌ শ শ যান–বাহন চলাচল কৰাৰ লগতে নামনি অসমৰ পৰা ৰোগী কঢ়িয়াই অনা অধিকাংশ এম্বুলেঞ্চ চলাচল কৰে৷ তদুপৰি বি বৰুৱা কর্কট প্রতিষ্ঠান, যক্ষ্মা হাস্পতালৰ ৰোগী আৰু তেওঁলোকৰ আত্মীয় এই পথছোৱাৰ জিএমচিএইচলৈ সঘন অহা–যোৱা কৰাৰ উপৰি আর্য বিদ্যাপীঠ মহাবিদ্যালয়, গোপীনাথ নগৰ, বিৰুবাৰী প্রাথমিক বিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষার্থীসকল এই পথছোৱাৰেই যাতায়াত কৰে৷ পথছোৱা মেৰামতিৰ বাবে স্থানীয় উন্নয়ন সমিতিৰ সহযোগত ৰাইজে উপায়ুক্ত আৰু পৌৰ আয়ুক্তক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো সুফল পোৱা নাই৷ মহানগৰীৰ অত্যন্ত গুৰুত্বপূর্ণ জিএমচিএইচ পথছোৱাৰ মাজভাগ তথা কাঠমিল অঞ্চলত নৰকাসুৰ পাহাৰৰ পৰা নামি আহিছে প্রাকৃতিক নিজৰা৷ এই নিজৰাৰে অবিৰতভাৱে পাহাৰৰ পৰা বৈ অহা পানী পথৰ ওপৰত পৰে৷ নিজৰাৰ পৰা বৈ অহা পানীয়ে পথছোৱা বুৰাই পেলোৱাত পথছোৱাত একাঁঠু পানী জমা হয়৷ বিৰুবাৰী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল ভাগৱতীয়ে জানিবলৈ দিয়া মতে পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী পূর্বে নলাত পৰিছিল যদিও দীর্ঘদিন ধৰি নলা নিষ্কাশন নকৰাত পানী বহন ক্ষমতা হ্রাস পাইছে৷ ফলত নলাৰ পৰা উটি অহা পানী মূলপথত সোমাই যাতায়াতৰ ক্ষেত্রত ব্যাঘাত জন্মাইছে৷ পথছোৱা ২০০৮–০৯ চনত নির্মাণ কৰাৰ পাছৰে পৰা আজিকোপতি মেৰামতি নকৰাত খলা–বমা হৈ পৰিছে৷ সেয়েহে এজাক বৰষুণতেই পথছোৱাত পাহাৰৰ পৰা নামি অহা পানীয়ে বুজাই পেলায়৷

অৱশ্যে যোৱা বছৰ জিএমচিয়ে নলা–নিষ্কাশনৰ কাম আৰম্ভ কৰে যদিও আধাতে বন্ধ কৰা বুলি তেওঁ কয়৷ সদ্যব্যস্ত পথছোৱাৰ দুয়োকাষে নাই বিজ্ঞানসন্মত নলা–নর্দমা৷ অতি ঠেক পথছোৱাৰ কাষত নলা নির্মাণ কৰা হৈছিল যদিও মেৰামতিৰ অভাৱত সেয়া জহি–খহি উন্মুক্ত হৈ পৰিছে৷ তদুপৰি পাহাৰৰ পৰা নামি অহা ৰঙা মাটি, বোকা আৰু আৱর্জনাৰে বাম হৈ পৰিছে জিএমচিএইচ পথৰ নলা৷ ফলত পানী বহন ক্ষমতা হ্রাস পোৱা বুলি বিৰুবাৰী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ভাগৱতীয়ে জানিবলৈ দিছে৷ মূলপথৰ প্রায় এক ফুট ওখকৈ নির্মিত নলাৰ পানী এজাক বৰষুণ দিলেই পথৰ ওপৰলৈ উঠি আহে৷ ফলত বোকা–পানীৰ গচকি সর্বসাধাৰণ লোকে যাতায়াত কৰিবলগীয়া হয়৷ সেয়েহে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বিৰুবাৰী উন্নয়ন সমিতিয়ে জিলা উপায়ুক্ত আৰু পৌৰ আয়ুক্তক দাবী জনাইছে৷

You might also like