নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ঐতিহ্য পৰম্পৰাক লৈ পাঠশালাত “বৰ্ণিল বজালীৰ” শুভমুক্তি

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: বজালীৰ কেইগৰাকীমান শিল্পকৰ্মীৰ সামূহিক প্ৰচেষ্টাত আৰু মুনড্ৰপচ মিউজিকৰ উদ্যোগত বজালীৰ সামগ্ৰীক দিশৰ ঐতিহ্য-পৰম্পৰা আৰু গৰিমামণ্ডিত ঐতিহাসিক বিষয়বস্তু হিচাপে লৈ শ্ৰব্য-দৃশ্য মাধ্যমত আজি বৰ্ণিল বজালী শীৰ্ষক এটি গীত উন্মোচন কৰা হয়৷ পাঠশালাৰ বিশিষ্ট সমাজকৰ্মী তথা জেষ্ঠ চিকিৎসক ডাঃ হিতেশ তালুকদাৰৰ সভাপতিত্বত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এই উন্মোচনী সভাত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় কোনোধৰণৰ আৰ্থিক সাহায্য অবিহনে নিৰ্মাণ আৰু বজালীৰ ঐতিহ্য পৰম্পৰাক লৈ বাণীবদ্ধ কৰা এটি সুন্দৰ গীত৷ ভাষণৰ মাজতে মন্ত্ৰী গৰাকীয়ে এই গীতটোৰ অতি সোনকালে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি বজালীৰ বীৰ শ্বহীদ মদন বৰ্মন, ৰাউতা কোঁচ আৰু অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ঐতিহ্যমণ্ডিত ডুবি দেৱালয়ৰ দেবদাসী নৃত্যৰ বহুল প্ৰচাৰৰ বাবে আহ্বান জনায় ৷ বিশিষ্ট শিল্পী তথা গীতটোত সুৰ প্ৰদান প্ৰদান কৰা দশৰথ দাসে উন্মোচনী সভাত অংশগ্ৰহণ কৰি কয় আচলতে গীতটো সন্দৰ্ভত কবলৈ গৈ মই ভাষা হেৰুৱাইছো ৷ বজালীৰ ঐতিহ্য পুনৰ জীৱিত কৰাৰ বাবে মই সুখী ৷ বানীবদ্ধ গীতটো উন্মোচন কৰি বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল প্ৰতিম কোঁৱৰে কয় বজালীৰ নিচিনা এখন ঠাইৰ এনেকুৱা এটি গীত উন্মোচন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছো ৷বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আজি বজালীৰ বুৰঞ্জীত এটি নতুন সংযোজন হোৱা বুলি উল্লেখ কৰে শ্ৰব্য দৃশ্যৰ এই সুন্দৰ গীতটোৰ মাজেৰে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিশিষ্ট শিল্পী তথা গীতটোৰ ৰচক লক্ষ্মী দাসে কয় বজালীৰ বিভিন্ন দিশত আলোকপাত কৰি ২০১৮ চনতে এই গীতটো লিখা হৈছিল ৷ এটি নিৰ্ধাৰিত সময়ৰ ভিতৰত লিখা গীতটোত হয়টো বহুত সংযোজন ৰৈ যোৱাটো স্বাভাবিক ৷ বজালীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৮গৰাকী নতুন শিল্পীক মনোনীত কৰি পাঠশালাৰ শিল্পী খনিন চৌধুৰীৰ মুনড্ৰপচ মিউজিকত বাণীবদ্ধ কৰি আজি শুভমুক্তি প্ৰদান কৰিবলৈ পাই আমি যথেষ্ট সুখী বুলি নিজৰ অনুভৱ ব্যক্ত কৰে ৷ আজিৰ অনুষ্ঠানতে গীতটোত সহযোগিতা আগবঢ়োৱা বিশিষ্ট শিল্পী নাৰায়ন বৰুৱা, টিকেন চৌধুৰী, দিপক বৰুৱা, লোকগীতৰ সাধক বসন্ত পাটগিৰীেক ধৰি কেবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱাৰ লগতে গীতটোত অংশগ্ৰহণ কৰা অন্যান্য শিল্পী সকলক ৰাইজৰ মাজত চিনাকী কৰাই দিয়ে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like