নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ দৰবাৰত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড; টি–২০ দলৰ সঞ্চালকৰ দায়িত্ব প্রদানৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: টি–২০ বিশ্বকাপত ভাৰতৰ ব্যর্থতাৰ পিছত মহেন্দ্র সিং ধোনীৰ দ্বাৰস্থ হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ টীম ইণ্ডিয়াৰ সাফল্যৰ বাবে এইবাৰ ধোনীক গধুৰ দায়িত্ব দিব বিচাৰিছে ব’র্ডে৷ সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি ধোনীক ভাৰতীয় টি–২০ দলৰ সঞ্চালক হিচাপে দায়িত্ব প্রদান কৰিব পাৰে৷ কেৱল কেইটামান মাহ অথবা কেইটামান শৃংখলাৰ বাবে নহয়, স্থায়ীভাৱে দায়িত্ব লাভ কৰিব পাৰে তেওঁ৷ অৱশ্যে এই বিষয়ে এইপর্যন্ত ব’ড অথবা ধোনীয়ে কোনো মন্তব্য কৰা নাই৷ বিশ্বকাপত ভাৰতৰ প্রদর্শন দেখি ব’ডৰ কর্মকর্তাসকলে ধাৰণা কৰিছে যে একেলগে তিনিটা ফর্মেটত প্রশিক্ষণ দিবলৈ গৈ সমস্যাত পৰিছে ৰাহুল দ্রাবিড়৷ দ্রাবিড়ৰ ওপৰত বৃদ্ধি পোৱা চাপ কমাবৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ তদুপৰি ক্রিকেটৰ ক্ষুদ্র সংস্কৰণত ধোনীৰ দক্ষতাৰ কথা সকলোৰে জ্ঞাত৷ ২০০৭ চনত টি–২০ বিশ্বকাপৰ লগতে চাৰিবাৰ তেওঁৰ দল আই পি এলত চেম্পিয়ন হৈছে৷ ধোনীৰ এই মস্তিষ্ক ব্যৱহাৰ কৰিব বিচাৰিছে ব’র্ডে৷ ভাৰতৰ টি–২০ দলৰ বর্তমানৰ অধিকাংশ সদস্যই ধোনীৰ অধীনত খেলিছে৷ সেইবাবে তেওঁলোকৰ সৈতে ধোনীয়ে সুন্দৰভাৱে মিলি যাব পাৰিব বুলি ভাবে ব’ডৰ কর্মকর্তাসকলে৷ এই বিষয়ে অৱশ্যে বি চি চি আয়ে এতিয়াও কোনো ঘোষণা কৰা নাই৷ চলিত মাহৰ শেষৰ সপ্তাহত ব’ডৰ এপেক্স কাউঞ্চিলৰ বৈঠকত এই বিষয়ে আলোচনা কৰা হ’ব আৰু তাৰ পিছতহে সিদ্ধান্ত গ্রহণ কৰিব৷ ব’ডৰ সূত্রই জনোৱা মতে এই বৈঠকৰ পূর্বেই ধোনীৰ সৈতে তেওঁলোকে আলোচনা কৰিব৷ ব’ডৰ সভাৰ সিদ্ধান্তৰ পিছত যাতে কোনো সমস্যাৰ উদ্ভৱ নহয়, তাৰ বাবে পূর্বৰ পৰাই সাজু হ’ব বিচাৰিছে ক্রিকেট ব’র্ডে৷

You might also like