নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলশৰত লণ্ডভণ্ড কৰিলে চিকিৎসালয়

ক’ভিডত মৃত্যুক কেন্দ্র কৰি লংকাকাণ্ড

নিয়মীয়া বাৰ্তা ৪ মেঃ ক’ভিড আক্রান্ত ৰোগী এজনৰ চিকিৎসাৰ অভাৱত মৃত্যুক কেন্দ্র কৰি বেলশৰ আদর্শ চিকিৎসালয়ত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ সোমবাৰে বিয়লি ৫ বজাত নলবাৰী জিলাৰ ধনতোলা গাঁৱৰ চেংনৈৰ তৰুণ হালৈ (৫৭) নামৰ ক’ভিড ৰোগীজনৰ মৃত্যু হোৱাৰ পিছতেই আত্মীয়ই চিকিৎসালয়খনৰ প্রথম মহলাত থকা ক’ভিড কেন্দ্রটোত প্রৱেশ কৰি লংকাকাণ্ড সংঘটিত কৰে৷ এই ঘটনাত আতংকিত হৈ চিকিৎসালয়খনত থকা কেইবাজনো ক’ৰোনা ৰোগীয়ে পলায়ন কৰে৷ ভয়ংকৰ কথাটো হ’ল– পলায়ন কৰা ৰোগীকেইজনৰ সন্ধান ওলোৱা নাই৷ পিছত ঘটনাস্থলীত বেলশৰ থানাৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, আজি নতুনকৈ ক’ৰোনাত আক্রান্ত ২৪জন ৰোগীক বেলশৰ আদর্শ চিকিৎসালয়লৈ প্রেৰণ কৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ে৷ এই ৰোগীসকলৰ ভিতৰত মৃত তৰুণ হালৈও আছিল৷ কিন্তু বিয়লিৰ ফালে তৰুণ হালৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক বেলশৰ চিকিৎসালয়ে বিয়লি ৩ বাজি ৪৫ মিনিটিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাৰ নির্দেশ দিয়ে৷ ৰোগীজনৰ অভিভাৱকে ৩.৪৫ বজাত ১০৮ এম্বুলেঞ্চ সেৱালৈ ফোন কৰে৷ কিন্তু বিয়লি পাঁচ বজালৈ এম্বুলেঞ্চ নহাত ৰোগীজনৰ তাতে মৃত্যু ঘটে৷ তেতিয়া ৰোগীৰ পৰিয়াল আৰু একাংশ আত্মীয়ই মিলি চিকিৎসালয়খনৰ ক’ভিড কক্ষত প্রৱেশ কৰি আচবাব লণ্ডভণ্ড কৰে৷

অভিযোগ অনুসৰি, সোমবাৰৰ পৰা চিকিৎসালয়খনত ক’ভিড ৰোগীৰ বাবে কক্ষ মুকলি কৰা হয় যদিও তাত ক’ভিড ৰোগীৰ বাবে নাই কোনো সা–সুবিধা৷ ক’ভিড ৰোগীক ৰখাৰ বাবে চিকিৎসালয়খনত যিদৰে চাৰিওদিশে নিৰাপত্তা বেহু তৈয়াৰ কৰিব লাগিছিল, তাত নাই কোনো ব্যৱস্থা৷ একেটা পথেৰে ক’ভিড ৰোগীক অনা–নিয়া কৰা হৈছে৷ যিটো পথৰ কাষতে আছে চিকিৎসালয়খনৰ চিকিৎসক–কর্মচাৰী বাবে আৱাসগৃহ৷ যাক লৈ আতংকত ভুগিছে ইয়াৰ চিকিৎসক–কর্মচাৰী৷ ইপিনে, সোমবাৰৰ ঘটনাক লৈ স্থানীয় অঞ্চলবাসী ৰাইজ আতংকত ভুগিছে৷

You might also like