নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপর্যস্ত কংগ্রেছে নির্বাচনী যুঁজত পৰাজয়ৰ দোষ ঠেলিলে অজাপ–ৰাইজৰ দললৈ

শোচনীয় ফলাফলৰ পাছতো নহ’ল শিক্ষা

নিয়মীয়া বাৰ্তা ৪ মেঃ সদ্যসমাপ্ত বিধানসভা নির্বাচনত শোচনীয় ফলাফল প্রদর্শনৰ পাছতো শিক্ষা নহ’ল কংগ্রেছৰ৷ ১০১খন আসন দখল কৰি কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠনৰ স্বপ্ণ দেখি বিভোৰ হৈ ভোটগ্রহণ হৈ যোৱাৰ পাছতেই ভাগে ভাগে প্রার্থীসকলক বিজেপিয়ে হর্ছ ট্রেডিং কৰিব বুলি ৰাজস্থানৰ জয়পুৰ, ছত্তিশগড়ৰ ৰায়পুৰ, গুৱাহাটীৰ সমীপৱর্তী সোণাপুৰৰ বিলাসী ৰিজ’টত আবদ্ধ কৰি ৰখাৰ অদ্ভুত নাটক কৰা মহাজোঁটে কালি নির্বাচনী ফলাফলত লাভ কৰিলে মাত্র ৫০খনহে আসন৷ কংগ্রেছে ৯৩খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াই ২৯টা সমষ্টিতহে জয়লাভ কৰে৷ শোচনীয় নির্বাচনী বিপর্যয়ৰ পাছত আজি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে হোটেল গেটৱে’ গ্রেণ্ডিয়ৰত আয়োজিত এখন সংবাদ মেলত কয় যে অজাপ আৰু ৰাইজৰ দলকেই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ নির্বাচনী বিপর্যয়ৰ বাবে দোষাৰোপ কৰে৷ সিঙৰ মতে ‘কা’ আন্দোলনৰ পটভূমিত জন্মগ্রহণ কৰা অজাপ আৰু ৰাইজৰ দলে ‘কা’বিৰোধী শক্তিৰ ভোট বিভাজন ঘটায়৷ তাৰ ফলত বিজেপি উপকৃত হ’ল৷ উজনি অসমত প্রায় ১০টা সমষ্টিত তেনেদৰে কংগ্রেছ ক্ষতিগ্রস্ত হৈছে৷

সংবাদ মেলখনত তেওঁ জনতাৰ ৰায় মানি লোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে কংগ্রেছকে ধৰি মহাজোঁটে গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰি যাব৷ অসমৰ জনতাৰ হকে সদায় মাত মাতি যাব৷ চৰকাৰখনে কোনো ভুল সিদ্ধান্ত গ্রহণ কৰিলে মহাজোঁটে তাৰ প্রতিবাদ কৰিব৷ কংগ্রেছকে ধৰি মহাজোঁটৰ নির্বাচনী বিপর্যয়ৰ বাবে তেওঁ দায়িত্ব স্বীকাৰ কৰি কয় যে ২০১৬ চনত কংগ্রেছে ২৬টা সমষ্টিত জয়লাভ কৰিছিল৷ এইবাৰ ৩খন আসন বৃদ্ধি হৈ ২৯খন হৈছে৷ সেইদৰে ৭টা সমষ্টিৰ ৫ হাজাৰৰ কম ভোটৰ ব্যৱধানত মহাজোঁটৰ প্রার্থী পৰাজিত হৈছে৷ নির্বাচনী বিপর্যয় সম্পর্কত অচিৰেই এখন কমিটী গঠন কৰি পৰাজয়ৰ কাৰণসমূহ পর্যালোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

এই সংবাদ মেলখনত অংশীদাৰ দল এ আই ইউ ডি এফ, বি পি এফ, চি পি আইৰ প্রতিনিধিৰ বাহিৰে আন অংশীদাৰ দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে আৰু আটায়ে ৰাইজৰ ৰায় মানি লৈ গঠনমূলক বিৰোধী হিচাপে অনাগত দিনত ৰাইজৰ হৈ কাম কৰি যাব বুলি প্রকাশ কৰে৷ ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সভাপতি পদৰ পৰা ইস্তফা দিয়াৰ প্রসংগত জিতেন্দ্র সিঙে কয় যে নির্বাচনত দলৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি বৰাই সভাপতি পদৰ পৰা ইস্তফা দিছে যদিও দলে এতিয়াও গ্রহণ কৰা নাই৷ সেয়ে তেওঁ বৰাক সভাপতিৰ দায়িত্বভাৰ চম্ভালি যোৱাৰ অনুৰোধ জনাই কয় যে বৰা এজন অত্যন্ত পৰিশ্রমী সভাপতি৷ ইফালে কংগ্রেছৰ নৱনির্বাচিত বিধায়কসকলক আজি দলৰ তৰফৰ পৰা গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনোৱা হয়৷ এআইচিচিৰ সাধাৰণ সম্পাদক মুকুল চাংমাৰ উপস্থিতিত প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক জিতেন্দ্র সিং আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই নৱনির্বাচিত বিধায়কসকলক আদৰণি জনায়৷ আনহাতে বিধায়িনী দলৰ নেতা নির্বাচনৰ ক্ষেত্রত বিধায়কসকলে কংগ্রেছ হাইকমাণ্ডক কর্তৃত্ব প্রদান কৰে৷

You might also like