নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ নিছিলামাৰীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ অধিৱেশন আৰম্ভ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে নিছিলামাৰীত আজিৰ পৰা আৰম্ভ হৈছে । এই উপলক্ষে আজি পুৱাৰ ভাগত স্বচ্ছ অভিযান, পতাকা উত্তোলন, অধিৱেশনৰ মুখ্য দ্বাৰ উন্মোচন, অতিথি শালাৰ দ্বাৰ উন্মোচনৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি বড়োৱে । ইয়াৰ পিছতে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু খুদি ৰাম বসুৰ প্ৰতিকৃতি উন্মোচনৰ কাৰ্যসূচী ৰূপায়ন কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক মদন ৰাভা , শংকৰদেৱ শিশু নিকেতন, খৈৰাবাৰীৰ প্ৰধান আচাৰ্য ধৰ্ম কান্ত ৰাজবংশী, খৈৰাবাৰী ভি চি ডি চিৰ অধ্যক্ষ সুব্ৰত ৰায় আৰু গয়বাৰী ভি চি ডি চিৰ অধ্যক্ষ সঞ্জয় দেৱনাথে । বিয়লিৰ ভাগত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত হয় । কাইলৈ পুৱাৰ ভাগত বাইক ৰেলী উদ্বোধন কৰিব বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে। যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সভাপতি সুজিত সৰকাৰে উদ্বোধন কৰিব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । বিয়লি ১ বজাৰ পৰা অভ্যৰ্থনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত হ’ব লগীয়া মুকলি সভাত স্থানীয় বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি মহানন্দ দত্ত সৰকাৰ, সাধাৰণ সম্পাদক অজয় ভূষণ সৰকাৰ, প্ৰতিষ্ঠাপক সভাপতি সহদেৱ দাস, সাংসদ দিলীপ শইকীয়া, বিধায়ক দুৰ্গা দাস বড়ো, লৰেন্স ইছলাৰী, কমলাক্ষ দে পুৰকায়স্থ, অজয় ৰায়, বিজয় মালাকাৰ, বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, দিগন্ত বৰুৱা, ধৰ্ম নাৰায়ণ দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে । অধিৱেশনৰ সকলো কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহায় -সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে ।

ধীৰেন মহলীয়া, খৈৰাবাৰী,

You might also like