নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহিদা বৃদ্ধিৰ বাবেই মূল্যবৃদ্ধি হৈছেঃ কলিতা

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ যোগানতকৈ যদি প্রয়োজন বেছি হয় তেতিয়া মূল্য বৃদ্ধি হয়৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে উৎপাদন কম হোৱাৰ লগতে বিভিন্ন সময়ত বনুৱাসকল আহিব নোৱাৰৰ ফলত উৎপাদন হ্রাস হৈছে৷ এনে কাৰণতে সামগ্রীৰ মূল্য বৃদ্ধি হোৱা বুলি দেওবাৰে  মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ কমলপুৰ সমষ্টিৰ বাইহাটাত উত্তৰ কামৰূপ বিজেপিৰ কার্যনির্বাহক সভাত অংশ লৈ সভাপতি কলিতাই বিৰোধীক কটু সমালোচনাও কৰে৷ বিৰোধীৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে বুলিও তেওঁ মত প্রকাশ কৰে৷

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সমিতিৰ আহ্বানমর্মে ৰাজ্যিক সমিতিৰ কার্যনির্বাহকৰ সাত দিন পাছতে জিলাসমূহত কার্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেইমর্মে আজি কমলপুৰ সমষ্টিৰ বাইহাটাস্থিত বিজেপিৰ কার্যালয়ত দ্বিতীয়খন কার্যনির্বাহক সভা অনুষ্ঠিত হয় ৷ সভাত আগন্তুক দিনত সাংগঠনিক দিশত বুথ সমিতি, শক্তি কেন্দ্র, মর্চা, মণ্ডল সমিতি, জিলা সমিতি বিভিন্ন বিভাগৰ প্রকল্পবোৰ কিদৰে আৰু অধিক শক্তিশালী কৰিব পাৰি সেই সন্দর্ভত আলোচনা কৰে৷ সভাত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই অসমখনক এখন অগ্রণী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে যি প্রণালীবদ্ধ সংস্কাৰ আৰু ৰাজ্যখনক এটা নতুন ৰূপ দিয়াৰ কাৰণে যিখিনি কার্যপন্থা হাতত লৈছে তাৰবাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷ এই কার্যনির্বাহক সভাখনত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উত্তৰ কামৰূপত বিজেপিৰ সুদৃঢ় ভেটি অটুট ৰখাৰ বাবে অধিক তৎপৰতাৰে কর্মকর্তাসকলক কাম কৰাৰ আহ্বান জনায়৷ অনুষ্ঠানত বিজেপি নেতা ৰাতুল শর্মা, নৱদ্বীপ কলিতা, নন্দন তালুকদাৰ, লক্ষ্মী গোস্বামী, হেমন্ত বৰা, কুমুদ কাকতি, উমেশ ডেকাকে ধৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে ৷

You might also like