নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেমছ ভিলেজত দুই এথলীটৰ ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ পৰা টকি’ অলিম্পিকক বচাই ৰাখিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতি আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে পার্যমানে প্রচেষ্টা অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে অলিম্পিকৰ গেমছ ভিলেজত ভাইৰাছৰ প্রৱেশ ঘটিছে৷ শনিবাৰে গেমছ ভিলেজৰ ভিতৰত এগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত দুগৰাকী এথলীট ক’ভিড পজিটিভ হৈছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে আজি জানিবলৈ দিয়া

অনুসৰি, মুঠ তিনিগৰাকী এথলীটৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে দুগৰাকী এথলীট গেমছ ভিলেজত থকাৰ বিপৰীতে আন এগৰাকী হোটেলত আছে৷ সামগ্রিকভাৱে আজিৰ দিনটোত অলিম্পিকৰ সৈতে জড়িত মুঠ দহগৰাকী ব্যক্তি ক’ভিড পজিটিভ হৈছে৷

ইয়াৰ ভিতৰত আয়োজক মণ্ডলীৰ বিষয়া, কণ্ড্রেক্টৰ আৰু সাংবাদিক আছে বুলি জানিব পৰা গৈছে৷ ইফালে, দক্ষিণ কোৰিয়াৰ পৰা যোৱা আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ এগৰাকী সদস্যও টকি’ত ক’ভিড–১৯ত আক্রান্ত হৈছে৷ উল্লেখ্য যে অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখন দর্শক অবিহনে অনুষ্ঠিত হ’ব যদিও দিনকদিনে বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণে উদ্যোক্তা কমিটীক বিপদত পেলাইছে৷ অৱশ্যে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখে খেলুৱৈ তথা বিষয়ববীয়াসকলক নিৰাপদ অলিম্পিক আয়োজনৰ আশ্বাস দিছে৷

You might also like