নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ছাপাগুৰিত অঘটনঃ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিত আজি পুৱাৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হয়।

ছাপাগুৰিৰ বেংতলগেটস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় গৃহৰ চালিৰ ওপৰত নিহত শ্ৰমিক জন জিয়াৰুল হক (২২) বুলি চিনাক্ত কৰা হৈছে।

ঠিকাদাৰৰ অধিনত কৰ্মৰত নিহত শ্ৰমিক জনে কি কামৰ বাবে টিনৰ চালিত উঠিছিল সেই বিষয়ে কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকল অবগত নহয় বুলি এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ঘটনাস্থলত ঢালিগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে কাজলগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।।
বিপুল কুমাৰ দাস, কাজলগাঁও

You might also like