নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ ভাওৰাগুৰিত বিষুৱা উৎসৱ পালনৰ প্ৰস্তুতি

কোকৰাঝাৰ জিলাৰ অধীনস্থ খলিচানীমাৰীত আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ বিষুৱা পালন কৰিবলৈ আজি লাইখুটা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক নিলেশ্বৰ ৰায়ে।

অহা ২৭ এপ্ৰিলত ভাওৰাগুৰী অঞ্চলৰ ৰাইজে এই বেলি পোন প্ৰথমবাৰৰ বাবে খলিচানীমাৰীত বিষুৱা উৎসৱ উৎযাপন কৰাৰ বাবে আজি লাইখুটা স্থাপন কৰাৰ লগতে আজিৰে ৭ দিনীয়াকৈ কোচৰাজবংশী জনগোষ্ঠীৰ নৃত্যৰ কৰ্মশালা অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

শতাধিক কোচ ৰাজবংশী জনগোষ্ঠীৰ কিশোৰীৰ লগতে মহিলা সকলোও অংশগ্ৰহন কৰে। উক্ত অনুষ্ঠানত খলিচানীমাৰী গাঁৱৰ গাঁওবুঢ়াৰ লগতে মান্দাৰপাৰা গাঁৱৰ গাওঁবুঢ়া সঞ্জিত বৰ্মন, গজেন্দ্ৰ বৰ্মন, ৰঞ্জিত বৰ্মন, আক্ৰাছুৰ চন্দন বৰ্মন, নন্দ বৰ্মন, কণ্ঠশিল্পী লক্ষী দেৱী, বিষুৱা উৎযাপন সমিতিৰ ৰতন বৰ্মন, সঞ্জয় বৰ্মন, শুকু বৰ্মন আদি উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, দোতমা, ২১ এপ্ৰিল

You might also like