নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ আগত মুকলি হ’ব বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ঃ গহপুৰত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মহা মানৱ মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ আহ্বান মৰ্মে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ থানাত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলী বুকু পাতি লৈ দেশৰ স্বাধীনতাৰ বাবে আত্ম বলিদান দিয়া অমৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা আৰু শ্বহীদ বীৰ মুকুন্দ কাকতিৰ পবিত্ৰ স্মৃতিত  গহপুৰত পালন কৰি অহা শ্বহীদ দিৱসৰ দিনটোত আজি বিয়লি গহপুৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিয়লি প্ৰায় এক বজাত গহপুৰ নগৰত আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰথমে গহপুৰ নগৰৰ বৰপুখুৰীৰ পাৰত থকা শ্বহীদ কনকলতা বৰুৱা- মুকুন্দ কাকতিৰ যুগল প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শ্বহীদ দুগৰাকীৰ স্মৃতি বিজড়িত গহপুৰ থানা পৰিদৰ্শন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনৰ চৌহদৰ নৱ নিৰ্মিত কেন্টিন খন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰঙাবাৰীত থকা শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি আৰু ঘাঁহিগাঁৱত থকা শ্বহীদ মুকুন্দ কাকতিৰ আৱক্ষ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰি অমৰ শ্বহীদ দুগৰাকীৰ পবিত্ৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ঘাঁহিগাঁও ক্ৰীড়া প্ৰকল্প আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰাৰ লগতে নৱ নিৰ্মিত ক্ৰীড়া প্ৰকল্পত শ্বহীদ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।ৰাজহুৱা সভা খনত নাতি- দীৰ্ঘ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰম্ভণীতেই গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতি, মুক্তিযোদ্ধা প্ৰয়াত ৰামপতি ৰাজখোৱা আৰু একেদিনাই ঢেকিয়াজুলিত ব্ৰিটিছ পুলিচৰ গুলী বুক পাতি লৈ দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ বলিদান দিয়া শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে ভাষণ প্ৰসংগত ড০ শৰ্মাই কয় যে অসমৰ খৰতকীয়া উন্নয়নৰ বাবে বিজেপি চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে। অসমৰ মহিলা সকলে বিশেষ ভাবে আদৰি লোৱা অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰি অহা অক্টোবৰ- নবেম্বৰ মাহত ৰাজ্যখনত অতিৰিক্ত ছয় লাভ হিতাধিকাৰীক উক্ত আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। উক্ত আঁচনিত গহপুৰ বিধান সভা সমষ্টিৰ সাতৰ পৰা আঠ হাজাৰ হিতাধিকাৰী অতিৰিক্ত ভাবে অন্তৰ্ভুক্ত হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। বিনামূলীয়া চাউলৰ কাৰ্ড নথকা গহপুৰ বিধান সভা সমষ্টিৰ সাত হাজাৰ পৰিয়ালক কাৰ্ড প্ৰদান কৰা হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিনামূলীয়া কাৰ্ডৰ লগত বছৰি পাঁচ হাজাৰ টকাৰ চিকিৎসা সাহায্যও অহা মাহৰ পৰা প্ৰদান কৰা হ’ব।বিজেপি চৰকাৰৰ আমোলত অসমৰ চিকিৎসা সেৱা খণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি উল্লেখ কৰি  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বতে মাত্ৰ তিনি খন চিকিৎসা মহাবিদ্যালয় থকা অসমত বৰ্তমান ৯ খনলৈ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি পাইছে আৰু অনাগত দিনত প্ৰতি বছৰে দুই- তিনি খনকৈ বৃদ্ধি হৈ ২০২৬ চনলৈ সৰ্বমুঠ একৈশ খন হ’বগৈ। উত্তৰ অসমৰ তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰৰ পিছত ধেমাজিত মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে অহা অক্টোবৰ- নবেম্বৰ মাহত পাঁচ খন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব। চাংসাৰিৰ এইমছৰ নিৰ্মাণ কাৰ্য অহা বছৰ সম্পূৰ্ণ হ’ব আৰু বিশ্বনাথ মেডিকেল কলেজ ২০২৬ চনৰ আগত মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰণী ভাষণ প্ৰদান কৰা তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই চমু বক্তব্য প্ৰদান সভা খনত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণ প্ৰসংগত কয় যে আজি শুভ উদ্বোধন কৰা গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিটি স্কেনৰ মেচিন স্থাপন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীক আহ্বান জনোৱা হৈছে। তদুপৰি ঘাঁহিগাঁওস্হিত হেলেম সাহায্যপ্ৰাপ্ত চিকিৎসালয়ৰ উন্নীতকৰণ, বৰঙাবাৰীস্হিত শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিৰ শোভাবৰ্ধন আৰু ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পুঁজিৰ আবন্টন কৰা হ’ব বুলিও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। লগতে গহপুৰৰ ৰাইজে দাবী জনাই অহা কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আঢ়ৈশ বিঘা চৰকাৰী ভূমিৰ ব্যৱস্থা কৰিবলৈ গহপুৰৰ বিধায়ক উৎপল বৰাক মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় খন শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ নামত উৎসৰ্গা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত জানিবলৈ দিয়ে।অন্যহাতেদি গহপুৰৰ মহকুমাধিপতি কাৰ্য্যলয়ৰ কুচকাৱাজ ক্ষেত্ৰ আৰু আলিগুৰি সোৱণশিৰিৰ পৰা বৰতামুললীলৈকে মথাউৰি- পকীপথ নিৰ্মাণ প্ৰকল্পৰ ডিজিটেল শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কুৰি সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভা খনত শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱা, শ্বহীদ মুকুন্দ কাকতিৰ বোৱাৰী ৰূপা কাকতিক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভা খনত বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ, ড০ অমিয় ভূঞা, গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনসহ একাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক  নিৰোদ কাথ হাজৰিকা

You might also like