নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা বিশ্ববিদ্যালয়ৰ সপ্তম সমাৱৰ্তন সম্পন্ন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ এখন অগ্ৰনী বিশ্ববিদ্যালয় অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ সপ্তম সমাৱৰ্তন অনুষ্ঠান কালি অনুষ্ঠিত হৈ যায়। যোৰহাটৰ কৰাইখোৱাস্থিত বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা সমাৱৰ্তন অনুষ্ঠান উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ সহ-কুলধিপতি বসন্ত খেতনে। উদ্ধোধনী ভাষনত তেখেতে স্নাতক ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰি লগতে কয়ে বিশ্ববিদ্যালয়খনে ইতিমধ্যে ১০টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰা বিশ্ববিদ্যালখনে অঞ্চলটোত গুণগত শিক্ষাৰ সেৱা আগবঢ়াবলৈ দায়বদ্ধ বুলি উল্লেখ কৰি পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তাৰ সৈতে পাঠদান-শিক্ষণ প্ৰক্ৰিয়াটোক খাপ খুৱাই লোৱাৰ কথা কয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় আৰু লক্ষ্যৰ পৰা কেতিয়াও মনোযোগ হেৰুৱাব নালাগে বুলিও কয়। সমাবৰ্তন অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে উপস্থিত থকা বাংগালোৰস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ঋষিকেশ টি কৃষ্ণনে নিজৰ ভাষণত উদ্ভাৱন, সৃষ্টিশীলতা আৰু দৃঢ়তাৰ ওপৰত গুৰুত্বৰ ওপৰত আৰোপ কৰি কয় যে বিশ্ববিদ্যালয়খনে উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত শিক্ষাৰ্থীসকল উপকৃত হৈছে। তেওঁ ছাত্ৰ সমাজক সমাজখনক প্ৰভাৱিত কৰা সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধান বিচাৰিবলৈ আৰু জাতিলৈ সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ পি কে মিশ্ৰই স্নাতক বেচ সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। ড০ মিশ্ৰই তেওঁৰ ভাষণত বিশ্ববিদ্যালয়খনে কৰা বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰি উত্তৰ-পূব অঞ্চললৈ উন্নয়ন আনিবলৈ শৈক্ষিক কঠোৰতা, দক্ষতা বিকাশ আৰু গৱেষণাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অত্যাধুনিক সুবিধাৰে যুৱক-যুৱতীসকলক সবলীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ মিশ্ৰই গুণগত মান আৰু মূল্যভিত্তিক শিক্ষাৰে অঞ্চলটোৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিক পুনৰবাৰ দোহাৰে। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৪৮০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনে তিনিজন বিশিষ্ট ব্যক্তি ক্ৰমে বিশিষ্ট প্ৰতিৰক্ষা বিজ্ঞানী তথা ৰাক্ষমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা ড. G Satheesh Reddy, আধ্যাত্মিকতাৰ জৰিয়তে ইতিবাচক পৰিৱৰ্তন আনি এখন বহনক্ষম সমাজ গঢ়ি তোলাৰ দিশত আগবঢ়োৱা গৌৰাংগা দাসক(গভৰ্নিং ব’ডি কমিছনাৰ, ইস্কন এণ্ড ডাইৰেক্টৰ, গোবৰ্ধন ইক’ভিলেজ), প্ৰযুক্তি আৰু পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সুদীপ বেনাৰ্জীক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।বেনাৰ্জী এল এণ্ড টি ইনফ’টেক লিমিটেডৰ প্ৰতিষ্ঠাপক সদস্য আৰু প্ৰাক্তন সভাপতি, উইপ্ৰ’ৰ আই টি বিজনেছ এণ্ড এক্স-চিইঅ’ আৰু ব’ৰ্ড সদস্য। সমাৱৰ্তন অনুষ্ঠানত ড. ৰেইনী খেতন, সঞ্চালক কাজিৰঙা বিশ্ববিদ্যালয়, ড০ প্ৰশান্ত গোস্বামী, প্ৰাক্তন সঞ্চালক নিষ্টাডছ, নতুন দিল্লী, আৰু অধ্যাপক। এ আই এম গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তিকাম হাজৰিকাকে প্ৰমূখ্যকৰি বহুসংখ্যক লোক উপস্থিত থাকে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like