নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমাতীঘাটৰ চকুলো

কেইবছৰমান পূর্েব গোৱালপাৰা জিলাৰ জলেশ্বৰৰ সমীপত মেদেৰটাৰীে নামৰ অখ্যাত ঠাইখন হঠাতে সংবাদ মাধ্যম আৰু জনসাধাৰণৰ মাজত চর্চালৈ আহিছিল৷ ইয়াৰ কাৰণ আছিল এটা ভয়ংকৰ নাও দুর্ঘটনা৷ ঘটনাটোত কেইবাজনো নাওযাত্রীৰ মৃত্যু হ’ল৷ সৌভাগ্যক্রমে েবছিভাগ যাত্রীৰ প্রাণৰক্ষা পৰিল৷ লোমহর্ষক ঘটনাটোৱে দিল্লী পর্যন্ত কঁপাই তুলিলে৷ কংগ্রেছ নেতা ৰাহুল গান্ধী লৰালৰিকৈ আহি দুর্ঘটনাস্থলীত উপস্থিত হ’ল৷ অঞ্চলটোৰ জনসাধাৰণৰ সৈতে কথা পাতিলে৷ হ্মপুত্র তথা ৰাজ্যখনৰ নৈ–উপনৈসমূহৰ কুৰে চলাচল কৰা নাও সন্দর্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কঠোৰ বিধি ৱস্থা লৱৎ কৰিলে৷ চৰকাৰ কঠোৰ হ’ল৷ প্রশাসন কঠোৰ হ’ল৷ চৌদিশে ধাৰণা এটাৰ সৃষ্টি হ’ল যে এইবাৰ শেনৰ এজাত৷ নিয়ম ভংগ কৰি লুইতৰ কুত এখনো নাও নামিব নোৱাৰিব৷ অত্যধিক যাত্রী কঢ়িয়াই নিয়াৰ কথা লেচী অথ্বা নাৱৰীয়াই সপোনতো ভাবিব নোৱাৰিব৷ লাইফ জেকেট লাগিবই৷ ইত্যাদি ইত্যাদি৷ কিছুদিনলৈ ৱস্থাটো ঠিকেই চলিল৷ কিছুদিনলৈ৷ পিছত পুনৰ আৰম্ভ হ’ল পূবৰ অৰাজক অৱস্থা৷ চৰকাৰী আইনক ভৰিৰে মোহাৰি পুনৰ লেচীৰ আইন প্রতিষ্ঠা হ’ল৷ নাৱৰীয়াৰ মইমতালি চল্বিলৈ ধৰিলে৷ মুনাফাখোৰ মালিকৰ ইচ্ছাই আইন হ’ল৷ সাধাৰণ লোকে ইয়াকে ভাগ্য লি ধৰি লৈ জীৱনটো হাতত লৈ নৈৰ কুৰে ইপাৰ–সিপাৰ হৈ প্রাত্যহিক জীৱনৰ প্রতিযোগিতাত স্ত হৈ পৰিল৷ মাজে মাজে সংবাদ পত্রত নিয়ম ভংগৰ কথােবাৰ ওলাই থাকিল৷ কোনে সেইেবাৰলৈ চকু দিয়ে? নিয়ম ভঙাৰ প্রতিযোগিতাত ভাৰত্বর্ষৰ একাংশ বিষয়া–কর্মচাৰীৰ আগ্রহ আৰু পৃষ্ঠপোষকতাৰ সীমা নাই৷ সন্দেহ নাই, ইয়ে তেওঁলোকৰ জেপ গৰম কৰে৷ চৰকাৰে দৰমহাৰ াবদ দিয়া ধনকেইটাই তেওঁলোকৰ ধনৰ খঁক্ পূৰণ কৰিব নোৱাৰে৷ সেয়ে নিয়ম ভাঙোতালৈ তেওঁলোকৰ দৰদ৷ লাগিলে সেই কার্য মানুহৰ জীৱন আৰু সম্পত্তিৰ াবে বিপজ্জনকেই নহওক কিয়৷ আৰু এটা অঘটন নঘটালৈকে অনিয়মেবাৰেই নিয়ম হৈ থাক্বি৷ পুনৰ ভয়ংকৰ দুর্ঘটনা এটা ঘট্বি৷ নিয়ম–নিয়মৰ পর্যালোচনা চল্বি৷ দুই–এজনক চাকৰিৰ পৰা নিলম্বন কৰা হ’ব৷ ঘাটত নিয়ম ৰক্ষাৰ তদাৰক কৰিবলৈ দুই–এজন বিষয়াক নিয়োগ কৰা হ’ব৷ পিছলৈ সকলো খোলাকটিৰ তাল হৈ পৰিব৷ আকৌ প্রাত্যহিক জীৱনৰ যুঁজত বিপজ্জনকভাৱে মানুহৰ ইপাৰ–সিপাৰৰ যাত্রা আৰম্ভ হ’ব৷ অঘটন এটাই মানুহৰ জীৱন কাঢ়ি নিনিয়ালৈকে এয়াই চলিব৷ এয়াই চলি আহিছে৷
নিমাতীঘাটৰ কাষত ৮ ছেপ্ঢেম্বৰত সংঘটিত ভয়ংকৰ নাও দুর্ঘটনাটোৱে অসমৰ লাখ লাখ লোকৰ মনলৈ মেদেৰটাৰীৰ শিহৰণকাৰী নাও দুর্ঘটনাৰ কথাটো মনলৈ আনি দিছে৷ এইবাৰ ভয়াৱহ কাণ্ডটো এটা প্রশ্ণ হৈ জনসাধাৰণৰ মাজলৈ আহিছে৷ কিয় প্রায় একেেবাৰ কাৰণতে দুর্ঘটনাৰ পুনৰাবৃত্তি ঘটে? চৰকাৰ তথা সংশ্লিষ্ট বিভাগে ভুলৰ পৰা কিয় নিশিকে? নিমাতীঘাটত সংঘটিত দুর্ঘটনাটোত এতিয়ালৈকে এগৰাকী লোকৰ মৃত্যু ঘটিছে৷ দুগৰাকী লোক নিখোজ হৈ আছে আৰু ৯গৰাকী লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ দুর্ঘটনাস্থলী পৰিদর্শন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৈছে, দুর্ঘটনাগ্রস্ত নাওখনত ৯০গৰাকী লোক আছিল৷ তাৰে ৮৭জনৰ প্রাণৰক্ষা পৰিছে৷ াকী তিনিজনৰ ভিতৰত এজনৰ মৃত্যু ঘটিছে৷ দুজন নিখোজ৷ আনহাতে, ঘটনাস্থলীত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই আৰু পাঁচজন নিৰুদ্দিষ্টৰ তালিকাত থাক্বি পাৰে লি শংকা প্রকাশ কৰিছে৷ তেওঁ বিষয়টো নিশ্চিত কৰিবলৈ কিছু সময় বিচাৰিছে৷ নিয়ম অমান্য কৰি চলাচল কৰা নাও–ফেৰীৰ ক্ষেত্রত এনেকুৱাই হয়৷ কিমানজন যাত্রী আছিল, কিমান নিখোজ হ’ল, তৎক্ষণাৎ কৈ দ্বি নোৱাৰি৷ যিয়ে যেনেকৈ পাৰে যাত্রী উঠাই লৈ যায়৷ মুনাফাহে আচল কথা৷ মুনাফাখোৰ লোকে যাত্রীৰ সুৰক্ষাৰ কথা চিন্তা কৰিবই নোৱাৰে৷ কিন্তু চিন্তা কৰিবলৈ এচাম মানুহ থাকে৷ তেওঁলোকক ৰাজকোষৰ পৰা দৰমহা দিয়া হয়৷ তেওঁলোক কিয় নীৰৱ হৈ থাকে? কিয় আভ্যন্তৰীণ জলপৰিবহণৰ ফেৰীৰ সৈতে সময়ৰ হেৰফেৰ কৰি সৰু সৰু ভূটভূটী নাৱত জনসাধাৰণক কৌশেলেৰে উঠ্বিলৈ াধ্য কৰোৱা হয়? আচল কথাটোৱেই হৈছে দুর্নীতি৷ কেইটামান টকাৰ লালসাত মানুহৰ জীৱনক পণ্বন্দী কৰিবলৈ সামান্যতমো কুণ্ঠােবাধ নকৰা তেনে লোকৰ াবে াৰে বাৰে লুইতৰ কুত সংঘটিত হয় নাও দুর্ঘটনা৷ ঘটনাটোৰ পিছত চৰকাৰ জাগি উঠিছে৷ এতিয়াৰে পৰা নতুন নতুন নিয়ম হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিমাতীঘাটত উপস্থিত হৈ ঘোষণা কৰিছে এটা ইঞ্জিনচালিত ফেৰী হ্মপুত্রৰ কুৰে চলাচল কৰিবলৈ দিয়া নহ’ব৷ মেৰাইন ইঞ্জিন লাগিব৷ ইয়াৰ াবে প্রয়োজন সাপেক্ষে চৰকাৰে ১০ লাখ টকাকৈ ঋণৰ ৱস্থা কৰিব৷ ইয়াৰে ৭০ শতাংশ ৰাজসাহায্যৰ ৰূপত দিয়া হ’ব৷ নাৱৰীয়াৰ দক্ষতা, নাৱৰ অৱস্থা সকলো পৰীক্ষা কৰি চোৱা হ’ব৷ তাৰ পিছতহে চলাচলৰ অনুমতি দিয়া হ’ব৷ তেওঁ ঘটনাটোৰ উচ্চ পর্যায়ৰ তদন্ত কৰা হ’ব লি ঘোষণা কৰিছে৷ এইেবাৰত জনসাধাৰণে নতুনত্ব একো নেদেখে৷ ইয়াৰ প্রভাৱো কার্যক্ষেত্রত নপৰে৷ পৰাহেঁতেন অসমৰ ঘাটে ঘাটে অনিয়ম–দুর্নীতিয়ে পোখা মেল্বিই নোৱাৰিলেহেঁতেন৷ চৰকাৰে এটা জ্বাবদিহি ৱস্থা কৰিব লাগিব৷ ঘটনা এটা ঘটিলে া নৈৰ ঘাটত সংঘটিত অনিয়মৰ াবে প্রশাসন, আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ নির্দিষ্ট কোনো অংশ া বিষয়াৰ মূৰত জ্বাবদিহি নামৰ চৰকাৰী ৱস্থাটো তুলি নিদিলে এনে ধৰণৰ দুর্ঘটনা ৰোধ কৰিব পৰা নাযাব৷ তদুপৰি, মাহেকত া পষেকত পাৰিলে সপ্তাহে সপ্তাহে নাও, ফেৰী আদিয়ে চৰকাৰী নিয়ম অনুসৰণ কৰি যাত্রীক পাৰাপাৰ কৰিছে নে নাই, তাৰো পর্যেবক্ষণ ৱস্থা এটাৰ দৰকাৰ৷ ইয়ে দুর্ঘটনা ৰোধত সহায় কৰিব৷ মুখ্যমন্ত্রীয়ে নিমাতীঘাটত উপস্থিত হোৱা সময়ত একাংশই দলং লাগে লি ধবনি দিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই বিষয়টোত মাজুলীবাসীক এটা ভাল খ্বৰ দিছে৷ চাৰি ছৰৰ ভিতৰত দলংখনৰ নির্মাণ সম্পূর্ণ হৈ উঠ্বি লি কৈছে৷ লগতে এটা মন্ত্রী গোটে দলংখন নির্মাণৰ তদাৰক কৰিব লিও কৈছে৷ নৈৰ ঘাটতো এনে ধৰণৰ গোটৰ প্রয়োজন৷ প্রশাসনিক বিষয়া–কর্মচাৰীক জডিত কৰি তেনে ধৰণৰ গোট গঠন কৰি নিয়মীয়াকৈ পর্যেবক্ষণৰ ৱস্থা কৰিলে নিমাতীঘাটৰ শেহতীয়া দুর্ঘটনাটোৰ অঘটন ৰোধ কৰিব পৰা যাব৷

You might also like