নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা

ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ পৰা তৃতীয় বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে উৎপল বৰা। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰাই ৯৬৫৮২ লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি কুটুমে ৪৩৮৬০ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰিবলগীয়া হয়।

ইফালে নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বিজয় মহন্তই ১৪৩৫ ভোট লাভ কৰাৰ বিপৰীতে ইউ.পি.পি.এল দলৰ প্ৰাৰ্থী গৰাকীয়ে ৩২০৪ টা ভোট লাভ কৰে। উল্লেখ্য যে বিজেপি প্ৰাৰ্থী উৎপল বৰাই ৫২৭২২ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয়। এই লৈ সংবাদ মাধ্যমৰ আগত গহপুৰৰ বিজয়ী প্ৰাৰ্থী উৎপল বৰাই গহপুৰবাসীক ধন্যবাদ জনোৱাৰ লগতে ধন্যবাদ জনায় ড০ হিমন্ত বিশ্ব শৰ্মাক।

তেওঁৰ পৰিকল্পিত ৰাজনৈতিক চিন্তাধাৰাৰ বাবেই বিজেপি মিত্ৰজোঁটে এইদৰে বিপুল আসন লাভ কৰিবলৈ সক্ষম হৈছে। ১০২ খন আসন লাভ কৰা বিজেপি মিত্ৰজোঁটৰ মূল চালক ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিকল্পনাক শলাগ জনাই গহপুৰৰ বিজয়ী প্ৰাৰ্থী উৎপল বৰাই ৫২,৭২২ টা বৃহৎ ভোটৰ ব্যৱধানত জয় লাভেৰে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা এই ক্ষণ সদায় চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে।

ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰা জয়ী হোৱাত গহপুৰবাসী উৎফুল্লিত হৈ পৰিছে আৰু বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কামনা কৰিছে সচেতন মহলে।

নিয়মীয়া বাৰ্তা, হাৱাজান, ৫ মে’

You might also like