নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সা জিলাৰ দুয়োটা সমষ্টিত বিপিএফৰ জয়লাভ

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ভোটগণনা সম্পূৰ্ণ হয়। বাক্সা জিলাত ভোট গণনা অনুসৰি জিলাখনৰ দুয়োখন আসনতে বিপিএফ দলে শেষ হাহি মাৰে। ৪১নং মানাহ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে মুঠ ৯০,০৬০ ভোট লাভ কৰি জয়যুক্ত হয়। তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে ৪২,৬৫০ ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে।

আনফালে ৪২নং বাক্সা সমষ্টিত বিপিএফ দলৰ মনেশ্বৰ ব্ৰহ্মই ৮৮,৮২০ ভোট লাভ কৰি জয়যুক্ত হয়।  তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী ইউ পি পি এলৰ ৰাকেশ ব্ৰহ্মই ৩৯,৭৭০ ভোট লাভ কৰে। জয়যুক্ত হৈ দুয়োগৰাকী প্ৰাৰ্থীয়ে মুছলপুৰত থকা বিপিএফ দলৰ জিলা কাৰ্যালয়ত ৰাইজৰ সৈতে মিলিত হৈ দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীয়ে দুয়োটা সমষ্টিৰ ৰাইজক ধন্যবাদ জনায়।

নিয়মীয়া বাৰ্তা, বৰমা, ৫ মে’

You might also like