নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিধায়ক পদ এৰিলে পবিন্দ্ৰ ডেকাই

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ বিধায়ক পদ এৰিলে পবিন্দ্ৰ ডেকাই। ১৫ ডিচেম্বৰত অসম গণ পৰিষদ দল ত্যাগ কৰিছিল পাটাছাৰকুছিৰ বিধায়কজনে। তাৰপাছত আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ এৰাৰ কথা ঘোষণা কৰিলে পবিন্দ্ৰ ডেকাই।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পবিন্দ্ৰ ডেকাই কয়- “অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই ‘কা’ক সমৰ্থন কৰি বিজেপি দলত জাহ যাবলৈ ধৰা দেখি মই ব্যথিত হৈছিলোঁ। যাৰবাবে মই বাৰেবাৰে মই তেওঁলোকক মানা কৰিছিলোঁ, কিন্তু তেওঁলোকে মোৰ কথা নামানিলে। সেইবাবেই মই পদত্যাগ কৰিছিলোঁ।”

You might also like