নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনএমচিৰ স্বীকৃতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱৰ বতৰতে ৰাজ্যবাসীলৈ আহিছে এক সুখবৰ৷ অসমৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্রা সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্রীয় আয়ুর্বিজ্ঞান আয়োগৰ (নেচনেল মেডিকেল কমিছন বা এন এম চি)ৰ স্বীকৃতি৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম এম বি বি এছৰ ১০০খন আসনেৰে চলিত শিক্ষাবর্ষৰ পৰাই পাঠদান প্রক্রিয়া আৰমম্ভ কৰিব পৰাকৈ এন এম চিয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতি প্রদান কৰে৷

ৰাষ্ট্রীয় আয়ুর্বিজ্ঞান আয়োগৰ পৰা এই সন্দর্ভত প্রেৰণ কৰা এখন অনুমতি–পত্র আজি ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে লাভ কৰিছে৷ ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় হিচাপে নৱনির্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত অসমত বছৰি এম বি বি এছ পাঠ্যক্রমত নামভর্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০খনলৈ বৃদ্ধি পালে৷

ইফালে, নতুন চিকিৎসা মহাবিদ্যালয়খনে এন এম চিৰ স্বীকৃতি লাভ কৰাত আনন্দ প্রকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এন এম চিৰ প্রতি ধন্যবাদ জ্ঞাপনৰ লগতে ৰাজ্যবাসীকো অভিনন্দন জনাইছে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে স্বীকৃতি লাভ কৰাৰ তথ্য প্রকাশ কৰি কয় যে এই স্বীকৃতি অসমৰ বাবে এক বৃহৎ সাফল্য৷ মই লক্ষ্যপ্রাপ্তিৰ সপোন দেখিছিলোঁ৷

উল্লেখ্য যে ৰাজ্যত চিকিৎসা শিক্ষাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ ক্ষিপ্র তথা আমূল পৰিৱর্তনৰ বাবে এক দূৰদর্শী পৰিকল্পনাৰে বিশেষ প্রয়াস চলাই অহা মুখ্যমন্ত্রীগৰাকীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ অহা এম এন চিৰ এই স্বীকৃতিয়ে নিজৰ এটা সপোনক সাকাৰ হোৱাৰ পথত আগুৱাই নিয়া বুলি সন্তুষ্টি প্রকাশ কৰে৷ একেদৰে স্বাস্থ্যমন্ত্রী মহন্তয়ো এক বার্তাৰ জৰিয়তে ৰাষ্ট্রীয় আয়ুর্বিজ্ঞান আয়োগলৈ কৃতজ্ঞতা জনোৱাৰ উপৰি লখিমপুৰৰ জনসাধাৰণৰ লগতে সমগ্র ৰাজ্যবাসীলৈ দুর্গাপূজাৰ প্রাক্কালত এয়া এক অত্যন্ত আশাব্যঞ্জক বতৰা বুলি অভিহিত কৰে৷

মুখ্যমন্ত্রী তথা প্রাক্তন স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ দূৰদর্শী পদক্ষেপৰ বাবেই ৰাজ্যৰ স্বাস্থ্যখণ্ড দিনে দিনে অধিক উন্নতিৰ দিশত অগ্রসৰ হোৱা বুলি দোহাৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থাপন আৰু নির্মাণৰ ক্ষেত্রত মুখ্যমন্ত্রীগৰাকীয়ে গ্রহণ কৰি অহা বলিষ্ঠ ভূমিকা আৰু উদগনিয়ে এন এম চিৰ স্বীকৃতি লাভত নতুন চিকিৎসা মহাবিদ্যালয়খনক বিশেষভাৱে সহায় কৰিলে৷ ইয়াৰ বাবে স্বাস্থ্যমন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ শর্মালৈও কৃতজ্ঞতা আগবঢ়ায়৷ স্বাস্থ্যমন্ত্রী মহন্তই বার্তাটোত উল্লেখ কৰে– ‘লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে এন এম চিৰ স্বীকৃতি পোৱাৰ লগে লগে অসমৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হোৱাৰ পথ প্রশস্ত হ’ল৷ এই নৱতম চিকিৎসা মহাবিদ্যালয়খন অতি উন্নতমানৰ আন্তঃগাঁথনিৰে সুন্দৰকৈ নির্মাণ হৈ উঠাৰ লগতে ইয়াৰ চিকিৎসালয়খনো অত্যাধুনিক, বিশ্বমানৰ চিকিৎসা উপকৰণ তথা যন্ত্রপাতিৰে সংযোজিত কৰা হৈছে৷ লখিমপুৰ, মাজুলীৰ লগতে সমগ্র উত্তৰপাৰত চিকিৎসা শিক্ষাৰ সম্প্রসাৰণ আৰু স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে উত্তৰ অসমৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি আমি আশাবাদী৷’

You might also like