কাছাৰ জিলাৰ সোণাই সমষ্টিৰ সোণাবাৰীঘাট বাইপাছত ড্ৰাগছবিৰোধী অভিযানত উদ্ধাৰ হয় ৪০ পেকেট সন্দেহযুক্ত হেৰ’ইন। এখন বলেৰ’ পিকআপৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৪০৬ গ্ৰাম হেৰ’ইন। এই অভিযানত দুখন বাহন জব্দ কৰাৰ লগতে ৫গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জনোৱা মতে, শিলচৰ-আইজল পথত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে। মিজোৰামৰ চম্পাই জিলাৰ পৰা আহিছিল ড্ৰাগছৰ চালান। এই ঘটনাৰ সৈতে আন্তঃৰাজ্যিক ড্ৰাগছ চক্ৰৰ সম্পৰ্কৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তেওঁ কয়- গোপন তথ্যৰ ভিত্তিত সোণাবাৰীঘাট বাইপাছ এলেকাত এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়। এই অভিযানত এখন বলেৰো পিকআপ আৰু এখন হুণ্ডাই ভেনিউ গাড়ী জব্দ কৰে। বলেৰো গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা মুঠ প্ৰায় ৪০৬ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইনৰ ৪০ পেকেট উদ্ধাৰ কৰা হৈছে। যাৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি কয় কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে।
এই ঘটনাত মুঠ ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা পাঁচজনৰ নাম হৈছে কামৰুল ইছলাম, হেলিম উদ্দিন, হমুন পাই, সৰমিন পাৰভিন, লালথাংপুই । তেওঁ কয়- মিজোৰামৰ চম্পাই জিলাৰ পৰা আহিছিল গাড়ীকেইখন। এই ঘটনাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ আগলৈ আৰু পিছলৈ সংযোগৰ তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দাসে।