নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত আছাৰ বিশ্ব আদিবাসী দিৱস পালনঃ বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ

  • জনজাতিৰ মৰ্যদা, মজুৰি বৃদ্ধি, ভূমি পট্টা প্ৰদান, উপগ্ৰহীয় পৰিষদ স্থাপনৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: বোকাজানত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ২৫ সংখ্যক বিশ্ব আদিবাসী দিৱস পালন কৰা হয়। উল্লেখ্য যে বিশ্ব আদিবাসী দিৱসৰ লগত সংলগ্ন ৰাখি আছাৰ কাৰ্বি আংলং জিলা সমিতি, আদিবাসী ৱেলফেয়াৰ ট্ৰাষ্ট, কাৰ্বি আংলং আদিবাসী কৰ্মচাৰী পৰিষদ আৰু আদিবাসী ৰাইজৰ সহযোগত জনগোষ্ঠীটোৰ কেইবাটাও দাবীৰ সমৰ্থনত বোকাজানত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰা হয়। আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, চাহ মজদুৰৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, অসমৰ চাহ বাগান তথা গাঁও সমূহত বসবাস কৰা আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা আৰু আদিবাসীসকলৰ বাবে অসমত উপগ্ৰহীয় পৰিষদ স্থাপন কৰা আদি বিভিন্ন দাবীৰে বোকাজান মহকুমাৰ অমৰাজানস্থিত আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰা আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক যুৱক-যুৱতী, পুৰুষ-মহিলাই হাতে হাতে ন’ এছটি ন’ ভোট, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, ভূমি পট্টা প্ৰদান কৰক, আছা জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’ বেক আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
আনহাতে ২০১৬ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শাসকীয় দলটোৱে আদিবাসীসকলৰ জন্মগত প্ৰাপ্য অধিকাৰ জনজাতীয় মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও চৰকাৰখনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো আদিবাসীসকলৰ এই প্ৰতিশ্ৰুতি পূৰণ কৰা নহ’ল বুলি আজিৰ প্ৰতিবাদস্থলীত উপস্থিত সংগঠনসমূহৰ নেতৃত্বই শাসকীয় দলটোক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।
You might also like