নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ পথত একাঠু বোকা পানী; কুম্ভকৰ্ণ নিদ্ৰাত লোক নিৰ্মাণ বিভাগ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল:ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা বিকাশৰ কথা যেন ফুলজাৰীহে মাৰিছে। নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি এতিয়া সাধুকথা হ’ল। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকোৰ বহু গাঁৱলীয়া পথ সম্প্ৰতি মৰণৰ ফাণ্ডতহে পৰিণত হৈছে। যেনে উদাহৰণ স্বৰূপে বকো বজাৰৰ নিছেই কাষতে অৰ্থাৎ বকোস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ গাওঁ কালিয়াবড়ী গাওঁ আৰু বকোৰ বৰপাৰাস্থিত মডেল ইংলিছ স্কুললৈ যোৱা পথ দুটা অতি শোচনীয়। দীৰ্ঘদিন ধৰি মেৰামতি অথবা আধুনিকীকৰণ নকৰাৰ ফলত পথ দুটাৰে মানুহৰ যাতায়াত সম্ভৱ নহোৱা হৈছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। যাৰ ফলত পথ দুটাৰে মটৰ চাইকেল অথবা দুচকীয়া চাইকেলো চলাই যাব নোৱাৰে। ইফালে শুকান বতৰত খোজ কাঢ়ি গলেই ওখৰা মখৰা পথত মানুহে উজুতি খাই আৰু বাৰিষা কালত গাত বোৰত পানী জমা হৈ পিচল হয়। এই জটিল সমস্যা সমুহ আবেদন আকাৰে লিখি কেৱাবাৰো ৰাজ্যৰ সাংসদ – মন্ত্ৰী – বিধায়ক – এই অঞ্চলত চলি থকা সমান্তৰাল চৰকাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ ; আই টি ডি পিৰ অধ্যক্ষ ; উন্নয়ণ খণ্ডৰ বিষয় – পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বহু বাৰ জনোৱা হৈছে। লগতে ফটো ভি ডি ও কৰি বহু বাৰ বাতৰিতো প্ৰচাৰিত হৈছে। তৎস্বত্তেও আজিলৈকে এচপৰাও মাটি নপৰিল পথ দুটাত। ইফালে বিগত নিৰ্বাচনৰ আগে আগে বি জে পিৰ নেতা কৰ্মী আহিছিল ভোট বিচাৰি তেতিয়াই কৈছিল বি জে পিৰ চৰকাৰ হ’লে পথ দুটা নিৰ্মাণ কৰি দিম বুলি। এতিয়া চৰকাৰ হ’ল কিন্তু পথ দুটা বেচিহে বেয়া হ’ল। অৰ্থাৎ চৰকাৰে ৰাস্তা বনোৱা বা মেৰামতি কৰা আঁচনি গ্ৰহণ নকৰিলে। আচনি গ্ৰহণ কৰিছে হিতাধীকাৰী তৈয়াৰ কৰা। উল্লেখ্য যে ; এই অঞ্চলৰ ৰাইজে ৰাস্তা বিচাৰি বহু আবেদন নিবেদন কৰিছে কিন্তু ৰাস্তা বনোৱা নাই। ইফালে কোনেও আবেদন নিবেদন নকৰাকৈয়ে মাইক্ৰোফাইনেঞ্চৰ ঋণ ৰেহাই কৰিছে। কোনেও আবেদন নিবেদন নকৰাকৈয়ে ঋণৰ বাবে মহিলাক হাজাৰ হাজাৰ টকাৰ চেক বিতৰণ কৰি আহিছে। কোনেও আবেদন নিবেদন নকৰাকৈয়ে স্কুটি ; বুলেট ; লেপটপ আৰু অন্যান্য সা – সামগ্ৰী যোগান ধৰিছে। যত ৰাস্তাই নাই স্কুটি বুলেট ক’ত চলাব। আনহাতে বকোৰ কালিয়াবড়ী গাওঁৰ মাজেদি যোৱা পথটো যোৱা নিশা হোৱা প্ৰচণ্ড শিল ধুমুহা বৰষুণত বিধ্বস্ত হৈ পৰিছে। পথৰ মাজত থকা গাঁতত পানী জমা হৈ পিচল হৈ পৰিছে আৰু আজি মানুহে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে। এই ক্ষেত্ৰত গাওঁৰ সচেতন সমাজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে। এটেনশ্বন মুখ্যমন্ত্ৰী মহোদয় ; জনসাধাৰণৰ এই সমস্যাবোৰো নজৰ দিয়ক বুলি আহ্বান জনাইছে কালিয়াবড়ী গাওঁৰ ৰাইজে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like