নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মিচিং ভাষাৰ আলোচনী আৰু কাব্য গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ জোনাইৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত আজি মিচিং আগম কৌবাঙৰ উদ্যোগত মিচিং ভাষাৰ গ্ৰন্থ আলোচনী আৰু কাব্য গ্ৰন্থ উন্মোচন কৰা হয়৷ শিক্ষক তথা জিলি আলোচনীখনৰ সম্পাদক দেবানন্দ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা উন্মোচনী সভাখন সভাপতিত্বত কৰে শিক্ষক চেনিৰাম পাংগিঙে৷

ইয়াৰ পিছতে জিলি নামৰ গ্ৰন্থ আলোচনীখন উন্মোচন কৰে মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ডিম্বেশ্বৰ দলে আৰু তুৰনামচৌ পংকাংকাং (অহাৰ জীৱন) কাব্য গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লিখক বিজয় বৰিয়ে৷

 লীলাকান্ত টায়ে, ডিম্বেশ্বৰ দলে, মিচিং আগম কৌবাঙৰ প্ৰাক্তন উপ সভাপতি হৰিনাৰায়ণ পেগু, নীলিমা টায়ে ৰেগন, বীণাপাণি পেগু , তুলাদৈ টায়েং, হৰিশ দলে , সাংবাদিক ৰয়েল পেগু, মুনিন্দ্ৰ টায়ে, অমিলতা মিলিৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত মিচিং ভাষাৰ কবিতা পাঠ অনুষ্ঠানৰো আয়োজন কৰা হয়৷

You might also like