নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োসকল যদি বিগ ব্ৰাডাৰ হয়, বিটিআৰৰ আন জাতি জনগোষ্ঠীক মৰম-আদৰ কৰিবই লাগিবঃ জয়ন্ত বসুমতাৰী

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ‘বড়োসকল যদি বিগ ব্ৰাডাৰ হয়, বিটিআৰৰ অন্যান্য জাতি-জনগোষ্ঠীৰ লোকসকলক মৰম-আদৰ কৰিবই লাগিব।’ চিৰাং জিলাৰ অন্তৰ্গত ৩১ নং চিদলী (জনজাতি) বিধান সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে আজি এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে।

আজি বিয়লি কাজলগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত কালি এখন প্ৰচাৰ সভাত বিপিএফ নেতা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই ‘ইউপিপিএল দলে বিটিআৰত বড়ো জনগোষ্ঠীক গুৰুত্বহীন কৰিছে’ বুলি কৰা অভিযোগ সম্পৰ্কত কি মন্তব্য কৰিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন এবছু নেতা জয়ন্ত বসুমতাৰীয়ে এই মন্তব্য কৰে।

ইউপিপিএল দলে বড়ো জনগোষ্ঠীক বিগ ব্ৰাডাৰৰ মৰ্যদা দিয়াৰ লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ‘লিভ এণ্ড লেট লিভ’ আদৰ্শক শিৰোধাৰ্য কৰি সকলো জাতি-জনগোষ্ঠীক কাম কৰি আছে বুলিও মন্তব্য কৰে। চিদলী সমষ্টিৰ ভোটাৰ ৰাইজক ‘পৱিত্ৰ শুকুৰবাৰ’ৰ শুভেচ্ছা যাচি সম্বোধন কৰা আজিৰ সংবাদ মেলত জয়ন্ত বসুমতাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে বিগত তিনিটা কাৰ্যকালত চাৰে তেৰ বছৰ কেবিনেট মন্ত্ৰিত্বৰ দায়িত্ব বহন কৰা চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই সমষ্টিটোৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলে।

সমষ্টিত এটাও উদ্যোগ, এখনো  মহাবিদ্যালয় স্থাপন কৰিবলৈ তেওঁ সক্ষম নহ’ল বুলি অভিযোগ কৰে। তাৰ বিপৰীতে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ দুমহীয়া মিত্ৰজোঁটৰ চৰকাৰখনে পাঁচ হাজাৰতকৈ অধিক লোকক পট্টা দি ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। চিদলী সমষ্টিৰ পিছপৰা অতি দুৰ্গম অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ বহু নলীনাদ স্থাপন কৰি দিছে বুলি কয়।

ৰাইজক সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত ভোটদান কৰি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰি তেওঁক ৰাইজৰ সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়।

You might also like