ৰাস চাবলৈ গৈ নাহিল উভতি… জামুগুৰিহাট-ত নৃশংস হত্যাকাণ্ড
প্ৰাথমিক সন্দেহ অনুসৰি, চোকা অস্ত্ৰৰে হত্যা কৰি দুৰ্বৃত্তই যুৱকজনৰ দেহ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ পলাই যায়
জামুগুৰিহাট-ৰ কোৱামৰা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড, যিয়ে সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তুলিছে। কোৱামৰা গাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সুমন দাস (৩৬) নামৰ এজন যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে।
প্ৰাথমিক সন্দেহ অনুসৰি, চোকা অস্ত্ৰৰে হত্যা কৰি দুৰ্বৃত্তই যুৱকজনৰ দেহ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ পলাই যায়।
জানিব পৰা মতে, নিশা প্ৰায় ১০ বজাত সুমন দাসে নিজৰ কোৱামৰা গাঁৱৰ ঘৰ পৰা ডেকাচুক গাঁৱত ৰাস উৎসৱ চাবলৈ গৈছিল। কিন্তু পুৱা ঘৰলৈ নহাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰে। পুৱা প্ৰাতভ্ৰমণলৈ অহা লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত মৃতদেহটো দেখা পাই আৰক্ষীক খবৰ দিয়ে।
খবৰ পোৱাৰ পাছত জামুগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈ পৰীক্ষা-পৰ্যবেক্ষণৰ বাবে মৰণোত্তৰ পৰীক্ষালয়লৈ প্ৰেৰণ কৰিছে।
এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ কোৱামৰা অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। স্থানীয় ৰাইজে হত্যাকাৰীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ