নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত বছৰি এক লাখ নিবনুৱাক কর্মসংস্থাপন দিয়াৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আগন্তুক বিধানসভাৰ নির্বাচনক লৈ এতিয়াও মিত্রজেজাটৰ সৈতে আসন বুজাবুজিৰ কথা আগবঢ়া নাই৷ আসন বুজাবুজি হৈ যাব৷ সমষ্টি ঠিকেই থাকিলে আৰু ৰাইজৰ সমর্থন থাকিলে যি হ’লেও নির্বাচন জিকি যাব৷ আসন বুজাবুজি এতিয়া আমাৰ মূৰৰ কামোৰণি নহয়৷ এতিয়া ৰাইজে ইচ্ছা প্রকাশ কৰিছে যে পৰিৱর্তন এশ শতাংশই হ’ব লাগে, যিটো বিগত বিটিচি নির্বাচনত সম্ভৱ নহ’ল৷ এইটো নির্বাচনত ইউপিপিএলৰ নেতৃত্বত বিজেপি–জিএছপিৰ মিত্রজোঁটে ভাল ফলাফল কৰাটো নিশ্চিত৷– এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী, বিটিআৰপ্রধান প্রমোদ বডোৰ৷

প্রমোদ বডোৱে তামুলপুৰত ইউপিপিএলৰ এখন দলীয় বৈঠকত অংশগ্রহণ কৰাৰ পিছত সাংবাদিকৰ আগত এইদৰে কয়৷ এম বাঠা পুনৰ জংঘললৈ যোৱা সন্দর্ভত সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয়– জংঘললৈ যোৱা সন্দর্ভত আমাৰ হাতত একো চৰকাৰী তথ্য নাই, এই বিষয়ে আমিও শুনিবলৈহে পাইছেছা৷ আজি জংঘললৈ যোৱাৰ কোনো পৰিৱেশও নাই৷ জংঘলত গৈ কোনেও সমাজ গঠন কৰিব নোৱাৰে৷ সমাজৰ মাজত থাকিহে সমাজ গঠন কৰিব পাৰিব৷ কোনোবাই যদি এতিয়া জংঘললৈ যাব বিচাৰিছে, এয়া আত্মহত্যা কৰাৰ বাহিৰে আন একো নহয়৷ এতিয়া বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সময়, লিখা–পঢ়া কৰা, ব্যৱসায়–বাণিজ্য কৰাৰ সময়, কাম কৰাৰ সময়৷ এনে সময়ত জংঘললৈ গ’লে খৰি কাটি খোৱাৰ বাহিৰে আৰু বেলেগ ৰাস্তা একো নাই বুলিও মন্তব্য কৰে প্রমোদ বডোৱে৷

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ পুনৰ কয়– বিটিআৰত নিবনুৱা সমস্যা যথেষ্ট আছে৷ নিবনুৱা সমস্যা সমাধান কৰাটো আমাৰ বাবে এটা ডাঙৰ কাম৷ বিটিআৰত বছৰি এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে প্রচেষ্টা অব্যাহত ৰখা হৈছে আৰু ইয়াৰ বাবে আঁচনিও তৈয়াৰ কৰা হৈছে৷ নির্বাচনৰ পিছতেই ইয়াৰ কাম পূর্ণগতিত কৰা হ’ব, বিশেষকৈ কৃষিক্ষেত্রৰ লগতে বিভিন্ন ক্ষেত্রত নিবনুৱাক সংস্থাপন দিয়া হ’ব৷ টেট শিক্ষকৰ সমস্যা সন্দর্ভত বডোৱে কয় যে বিটিআৰত যিসকল টেট শিক্ষক আছে, তেওঁলোকৰ দৰমহা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে, তেওঁলোকে দৰমহা পাই যাব৷ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে ১৯৯৯ চনৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্রক্রিয়াও হাতত লোৱা হৈছে আৰু অ’বিবি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰক হেঁচা প্রয়োগ কৰি থকা হৈছে বুলিও মন্তব্য কৰে প্রমোদ বড়োৱে৷ অসম টেট বা যিসকল টেট শিক্ষকে বিটিআৰৰ বাহিৰত কর্মৰত অৱস্থাত আছে, তেওঁলোকক বিটিআৰ অঞ্চললৈ ঘূৰাই অনাৰ বাবে অলপ সময় লাগিব যদিও তেওঁলোকক ঘূৰাই অনাৰ বাবেও প্রচেষ্টা অব্যাহত ৰখা বুলিও তেওঁ মন্তব্য কৰে৷

You might also like