নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিয়ংকা গান্ধী আজি লখিমপুৰ–বিশ্বনাথ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আজি একাধিক দলীয় কার্যসূচী লৈ লখিমপুৰলৈ আহিব নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী৷ দিল্লীৰ পৰা আহি লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ প্রিয়ংকা গান্ধীয়ে ১১ বজাত লীলাবাৰীৰ সমীপতে থকা অৰুণজ্যোতি কৃষ্টি সংঘত যুৱ কংগ্রেছীসকলৰ সৈতে এখন সভাত মিলিত হ’ব৷ তাৰ পিছতেই নগৰৰ ত্যাগ ক্ষেত্রত এঘাৰখন জিলাৰ বি চি চিৰ সভাপতিসকলৰ সৈতে তেওঁ আন এখন সভাত ভাগ ল’ব৷ বিয়লি জিলাখনৰ নাৰায়ণপুৰৰ মাধৱদেৱ ক্ষেত্রলৈও যাব প্রিয়ংকা গান্ধী৷ জিলাখনত এই তিনিটা কার্যসূচীৰ পিছত শোণিতপুৰলৈ তেওঁ ৰাওনা হ’ব৷ সমাগত বিধানসভা নির্বাচনলৈ লক্ষ্য কৰি দলীয় কর্মীসকলক উৎসাহ দিয়াৰ লগতে ৰণকৌশল সম্পর্কে আলোচনা কৰাৰ বাবেই প্রিয়ংকা লখিমপুৰলৈ আহিব বুলি চর্চা চলিছে৷

বিশ্বনাথত চাহ শ্রমিকৰে মত বিনিময় কৰিব প্রিয়ংকাই

নির্বাচনী বতৰত হঠাৎ চাহ শ্রমিকৰ মনৰ কথাৰ বুজ ল’বলৈ বিশ্বনাথত উপস্থিত হ’ব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ আজি লখিমপুৰৰ কার্যসূচী শেষ কৰাৰ পিছত কংগ্রেছ নেত্রীগৰাকীয়ে বিশ্বনাথৰ বাঘমৰাৰ পাৱাৰগ্রিডৰ অতিথিশালাত নিশা কটাই ২ মার্চৰ পুৱা মুখৰগডৰ সমীপত চাহ শ্রমিকৰ লগত মত বিনিময় কৰিব৷ তাৎপর্যপূর্ণ যে বিশ্বনাথ, বিহালী, গহপুৰ আদি সমষ্টিত চাহ বাগিচাৰ ভোটাৰে প্রার্থীৰ ভাগ্য নির্ণয় কৰি আহিছে৷ তেনে প্রেক্ষাপটতে প্রিয়ংকা গান্ধীৰ এই জনসংযোগ কার্যসূচী গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ ইফালে, প্রিয়ংকা গান্ধীক আৱর্ত ভৱনত নিশা যাপনৰ সুবিধা নিদিয়াত কংগ্রেছে প্রতিক্রিয়া প্রকাশ কৰিছে৷

You might also like