নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত বিশ্বজিৎ দৈমাৰী, ইমানুৱেলৰ প্রতিমূর্তি দাহ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: তামুলপুৰত  বি পি এফ দলে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মোছাহাৰীৰ প্রতিকৃতি দাহ কৰে৷ গয়বাৰী ব্লক বি পি এফৰ উদ্যোগত সদ্য বি পি এফ ত্যাগ কৰা নেতা দুজনৰ প্রতিকৃতি দাহ কৰা হয়৷

বি পি এফ দলৰ নেতা–কর্মী আৰু সমর্থকসকলে বিশ্বজিৎ দৈমাৰী মুর্দাবাদ, ইমানুৱেল মোছাহাৰী মুর্দাবাদ, বিজেপি মুর্দাবাদ, হাগ্রামা মহিলাৰী জিন্দাবাদ, বি পি এফ জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্র অঞ্চল৷ দুয়োজন নেতাকে প্রতাৰক আখ্যা দিয়ে বি পি এফৰ নেতা–কর্মীয়ে৷ বি পি এফ দলত থাকিয়েই সাংসদ, বিধায়ক হৈ দলটোক বিশ্বাসঘাতকতা কৰা বুলি মন্তব্য কৰি দুয়োজন নেতাকে বিজেপিৰ দালাল আখ্যা দিয়ে বি পি এফৰ নেতা–কর্মীসকলে৷

You might also like