নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযানঃ গৰৈমাৰীৰ পুখুৰীপাৰাত নগদ ধনসহ দুজন তীৰৰ বুকী আটক

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত জুৱা আৰু তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত আছে । উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত দীৰ্ঘদিন ধৰি অবাধে চলি থকা অবৈধ তীৰখেলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক।

আজি এক গোপন খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এটি আৰক্ষীৰ দলৰ সৈতে দিনৰ প্ৰায় ১ বজাত গৰৈমাৰীৰ পুখুৰীপাৰত আকস্মিকভাৱে অভিযান চলাই দুজনকৈ তীৰখেলৰ বুকীক আটক কৰাৰ লগতে খেলত ব্যৱহৃত সামগ্ৰীসহ জব্দ কৰিছে ২২,৯৯৫ টকা ৷ ধৃত তীৰৰ বুকি দুজন শিঙিমাৰী গাঁৱৰ মংগল চন্দ্ৰ বাঢ়ৈ আৰু শম্ভুচৰন সৰকাৰ বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে আটক কৰা ধৃত তীৰৰ বুকি দুজনক সম্প্ৰতি ছয়গাও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে তীৰৰ বুকি দুজনক আটক কৰাৰ সময়ত উপস্হিত থাকে ছয়গাঁও আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক সোণ শৰ্মা ।

You might also like