নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটৰ সমস্যা নিৰাময় কৰাৰ যাদু আছে কলপাতত, নহয় কোনো ৰোগ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ব্রেকফাষ্ট, লাঞ্চ, ডিনাৰ। ষ্টিলৰ থালি বা কাচৰ প্লেটত খোৱাৰ আপোনাৰ হয়টো দৈনিক অভ্যাস! কিন্তু এই অভ্যাস বদলাওক। ঘূৰাই আনক পুৰণি ৰীতি। আহাৰ গ্ৰহণ কৰক ঘৰৰ বাৰীৰ কলপাতাত। যি কৰিলে বিপদজনক ৰোগ আপোনাৰ কাষলৈও নাহে।

কলাপাতৰ ৰসৰ ভিতৰত আছে চাইট্ৰিক এচিড, কেলচিয়াম, ভিটামিন এ, ভিটামিন চি আৰু টেনিন। এই ৰসটোৱে টনিকৰ কাম কৰে। কিন্তু, কলপাতৰ ৰস খোৱাৰ কোনো প্ৰয়োজন নাই। কেৱল ৰাতিপুৱাৰ আহাৰ, মধ্যাহ্ন ভোজন আৰু নিশাৰ আহাৰ কলপাতত খালেই সেই ৰস আমাৰ দেহলৈ যায়।

লগতে পঢ়কঃ জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমীয়া ছবি ‘পৰিচয়’

ইয়াৰোপৰি কলপাতত খোৱাৰ ফলত পাকস্থলীৰ ৰোগ, জ্বৰ আৰু পেটৰ সমস্যা নিৰাময় কৰিব পাৰে। লগতে কোনো ৰোগেও আক্ৰমণ কৰিব নোৱাৰে। দক্ষিণ ভাৰতত এতিয়াও কলপাতত আহাৰ খোৱা পৰম্পৰা চলি আছে।
চিকিৎসকসকলে জনাইছে জ্বৰ, কাহ, শ্বাসকষ্ট, ব্ৰংকাইটিছৰ লাভালাভ অতি ভাল। কলপাতৰ ৰসে ছালত যাদুৰ দৰে কাম কৰে। লগতে যকৃতৰ সমস্যা, ৰক্তচাপ হ্ৰাস কৰে।

You might also like