নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত সীমান্ত ক্ৰীড়া মহোৎসৱৰ সামৰণি : ওদালগুৰি শ্ৰেষ্ঠ দল

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩ৰ যোৱানিশা সমাপ্তি ঘটে। উল্লেখ্য যে, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাজ্যিক পৰ্য্যায়ৰ এই প্ৰতিযোগিতাখনত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমামুৰীয়া ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, কাছাৰ আৰু কৰিমগঞ্জ -এই ৯ খন জিলাৰ মুঠ ৭২৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। ইয়াতে উল্লেখনীয় এয়াও যে, ৰাজ্যিক পৰ্য্যায়ৰ এই প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে সেই জিলা কেইখনত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহত মুঠ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত এইবেলি ওদালগুৰি জিলাই ৭টা সোণ আৰু ৪টা ৰূপৰ পদক লাভ কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে তামুলপুৰ আৰু বাগছা জিলাই। ইপিনে তিনিদিনীয়া এই প্ৰতিযোগিতাখনৰ প্ৰথম দিনাৰ বৰ্ণাঢ্য উদ্বোধনী সমাৰোহৰ অনুৰূপে প্ৰতিযোগিতাখনৰ অন্তত যোৱাকালি সন্ধিয়া অনুষ্ঠিত হোৱা সামৰণি সমাৰোহৰ অনুষ্ঠানে সৰুসজাই ষ্টেডিয়ামত উপস্থিত থকা সকলোৰে মন মুহিবলৈ সক্ষম হয়। উল্লেখ্য যে, যোৱাকালিৰ সামৰণি সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি তথা ভাৰতীয় অলিম্পিক এচ’চিয়েচনৰ যুটিয়া সম্পাদক কল্যাণ চৌবেই নিজৰ ভাষণত এই প্ৰতিযোগিতাখনত অংশ লোৱা ফুটবল খেলুৱৈ সকলোৰ মাজৰ পৰা পুৰুষ আৰু মহিলা শাখাৰ তিনিগৰাকীকৈ খেলুৱৈক অসম ফুটবল দলৰ ১৯ অনুৰ্ধৰ ট্ৰায়ালত অংশ লোৱাৰ সুযোগ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে। আজিৰ এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস আৰু বিটিআৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ কাৰ্য্যবাহী সদস্য দাওবৈছা বৰোয়ে। দিল্লীৰ হন্স ফাউণ্ডেচনৰ মুখ্য অপাৰেচ’নাল হেড তথা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰীগেডিয়াৰ এছ কাটাৰীয়া আৰু সংগঠনটোৰ অপাৰেচ’নাল হেড বিকাশ বাৰ্মাও বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল। আজিৰ এই কাৰ্য্যসূচীত বিজয়ী প্ৰতিযোগীসকল আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰাৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে এই বেলিৰ সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩ ৰ সফল পৰিসমাপ্তি ঘটে। উল্লেখ্য যে, আজিৰ এই সামৰণি অনুষ্ঠানত সীমান্ত ক্ৰীড়া মহোৎসৱৰ সৈতে সংগতি ৰাখি “ক্ৰীড়া” নামৰ এখনি স্মৰণিকাও আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like