নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াত ১০০ খন বিচনাযুক্ত মহকুমা চিকিৎসালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আজি শদিয়াত ১০০ খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ২০ কোটি ৫৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ১০০ খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন।

“আজি আমি এই ১০০ খন বিচনাযুক্ত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্ধাৰিত সময়ত আপোনালোকৰ সেৱাৰ বাবে মুকলি কৰিবলৈ সক্ষম হৈছো। পূৰ্বৰ চৰকাৰৰ দিনত সকলোবোৰ কাম আধাৰশিলাতে সীমাবদ্ধ হৈছিল। কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনত আমি যি পথৰ আধাৰশিলা কৰো বা যদি হাস্পতালৰ আধাৰশিলা কৰো, তেন্তে সেই সকলোবোৰ কাম সম্পূৰ্ণ হ’বয়ে লাগিব।”– ভাষণ প্ৰসংগত এইদৰে কয় স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই।

আনহাতে অহা কিছুদিনৰ ভিতৰতে এই হাস্পতালখনত সকলো আধুনিক সা-সজুলি আহি পোৱাৰ কথা উল্লেখ কৰি খুব কমদিনৰ ভিতৰতে অস্ত্ৰোপ্ৰচাৰৰ সেৱা আৰম্ভ কৰা হ’ব বুলি জনায় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like