নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত “বনলতা”ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্য খনৰ এটা সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী “বনলতা” প্ৰকাশন গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰখনৰ এক অগ্ৰণী নাম “বনলতা”ই সময়ৰ জখলাৰে আগবাঢ়ি ইতিমধ্যেই গৌৰৱোজ্জ্বল পঞ্চাশটা বসন্ত অতিক্ৰম কৰিছে। ১৯৭২ চনতে আৰম্ভ হোৱা এই যাত্ৰাত “বনলতা”ই জাতীয় দায়িত্ব পালন কৰি ভাষা -সাহিত্যৰ উন্নতিৰ হকে অগণন গ্ৰন্থ প্ৰকাশ কৰি আহিছে। এই গৌৰৱময় স্বৰ্ণিল যাত্ৰাক অধিক স্মৰণীয় কৰাৰ উদ্দেশ্য আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বনলতাই সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। এই অনুষ্ঠানত বনলতাৰ প্ৰতিষ্ঠাপক মাখন হাজৰিকা সোঁ‌ৱৰণি উপন্যাস প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত ৰাজীৱ বৰাক “জলজা”উপন্যাসৰ বাবে বঁ‌টা প্ৰদান কৰাৰ লগতে নগদ ৩৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।আনহাতে অসীম চুতীয়াৰ সম্পাদনাত প্ৰকাশ হোৱা বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ নামৰ গ্ৰন্থ খন উন্মোচন কৰা হয়। প্ৰয়াত মাখন হাজৰিকাৰ স্মৃতিচাৰণ সভা তথা বটাঁ প্ৰদান অনুষ্ঠান প্ৰথিতযশা সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াকে প্ৰমুখ্যে কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা ড° কৰবী ডেকা হাজৰিকা, শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প ডেকা উপস্থিত থাকি অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত এক জাগৰণ সৃষ্টি কৰি অহা বুলি মন্তব্য কৰি অসমৰ প্ৰতিষ্ঠিত লেখক-সাহিত্যিকসকলৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন জনপ্ৰিয় নিৰ্বাচিত গ্ৰন্থ সম্ভাৰ প্ৰকাশ কৰি অসমত প্ৰকাশনৰ ক্ষেত্ৰত এক সোণালী অধ্যায়ৰ সূচনা কৰিছে বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বিশিষ্ট লেখক ড° অৰবিন্দ ৰাজখোৱা, প্ৰভাত বৰা,অপূৰ্ব শৰ্মা,ড° জয়কৃষ্ণ মহন্ত ,ড° জুনু মহন্ত ,পল্লবী ডেকা বুজবৰুৱা,ক্ষীৰোদ গোস্বামীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক বিভাস দুৱৰা

You might also like