নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিবলৈ নাই ডেস্ক-বেঞ্চ, পঢ়িবলৈ নাই উপযুক্ত শ্ৰেণীকোঠা : বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ নমুনা

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বঙাইগাঁৱৰ গ্ৰাম্যাঞ্চলসমুহত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়সমুহৰ পয়ালগা অৱস্থাই শিক্ষা বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে। বিশেষকৈ জিলাখনৰ বইটামাৰী শিক্ষাখণ্ডত একাংশ চৰকাৰী বিদ্যালয়তে নাই উপযুক্ত শিক্ষাৰ পৰিৱেশ। বিদ্যালয় আছে যদিও নাই বিদ্যালয় গৃহ তথা শ্ৰেণী কোঠা। আনকি কণ কণ শিশুসকলৰ বাবেও নাই উপযুক্ত  ডেক্স-বেঞ্চ। ফলত একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিব’লৈ গৈ জলা-কলা খাবলগা হৈছে। শিক্ষাখণ্ডটোৰ অধীনস্থ যোগীঘোপাৰ খেলুৱাপাৰাত থকা গহেৰ আলী মেমৰিয়েল প্ৰাথমিক বিদ্যালয় জৰাজীৰ্ণ ৰূপে জিলাখনৰ শিক্ষা বিভাগৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। বিদ্যালয়খনত শিক্ষা জীৱনৰ প্ৰতি এৰাব নোৱাৰা মোহত বন্দী কণ কণ ছাত্ৰ-ছাত্ৰী এতিয়া মাটিত বহি আৰু কাঠৰ বাটামত বহি পাঠ গ্ৰহণ কৰিছে।ঢ়বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বপন সৰকাৰে জনোৱা মতে, ১৯৭৮ চনতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন ২০১৩ চনতে প্ৰাদেশীকৰণ কৰে চৰকাৰে। প্ৰাদেশীকৰণৰ ৯ বছৰ পিছতো নাপালে উপযুক্ত শ্ৰেণী কোঠা। বিদ্যালয়খনত ৭৫গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে আছে ৩জন শিক্ষক। জৰাজীৰ্ণ একেটা কোঠাতে ‘ক” শ্ৰেণীত ০৭গৰাকী , প্ৰথম শ্ৰেণীত ১১ গৰাকী, দ্বিতীয় শ্ৰেণীত ১৫ গৰাকী, তৃতীয় শ্ৰেণীত ১৫ গৰাকী, চতুৰ্থ শ্ৰেণীত ১৩ গৰাকী আৰু পঞ্চম শ্ৰেণীত ১৪ শিক্ষাৰ্থীয়ে একেলগে পাঠ গ্ৰহণ কৰি আছে ।বিদ্যালয়খনত বৰ্তমান পুৰণি ভগ্ন আৰ-বেৰ থকা গোহালি সদৃশ পৰিৱেশতেই কণ কণ  ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে ডাঙৰ মানুহ হৈ দেশৰ সু-নাগৰিক হোৱাৰ সপোন দেখি পাঠ গ্ৰহণ কৰি আছে। প্ৰধান শিক্ষক গৰাকীয়ে বিভাগীয় কতৃপক্ষক এই বিষয়ে কেইবাবাৰো অৱগত কৰিছিল যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।সেয়ে বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক সকলে  এটি উপযুক্ত বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে শিক্ষা মন্ত্ৰী তথা চৰকাৰক কাতৰ অনুৰোধ জনায় । কণ কণ শিশু সকলে নিজৰ সপোন বাস্তৱত ৰূপ দিবলৈ  চেষ্টা অব্যাহত ৰাখিছে যদিও চৰকাৰী বঞ্চনাই বাধাৰ সৃষ্টি কৰি আহিছে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like