নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৪ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আইআইটি গুৱাহাটীৰ পৰা ডিগ্রী লাভ কৰা বিদ্যার্থীসকলক উদ্ভাৱনৰ ক্ষেত্রত নিজস্ব বিশেষজ্ঞতাক ব্যৱহাৰ কৰি বহনক্ষম উন্নয়নৰ ক্ষেত্রত নিজকে জডিত হবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে উদ্যোগ গঢ়ি তোলাৰ জৰিয়তে নিজকে শক্তিশালী হবলৈ আৰু ইয়াৰ জৰিয়তে কর্ম সংস্থাপনৰ ক্ষেত্র এখন মুকলি কৰিবলৈও আহ্বান জনায়৷ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ ২৫সংখ্যক দীক্ষান্ত সমাৰোহত উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে এই শিক্ষানুষ্ঠানখন আজি উচ্চ শিক্ষাৰ অন্যতম প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে৷ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰাৰ বাবে উপৰাষ্ট্রপতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ উপস্থিতিয়ে নতুন প্রজন্মক অনুপ্রাণিত কৰিব৷ তেওঁ লগতে ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰে৷ ছাত্র–ছাত্রীসকলে কৰা কঠোৰ পৰিশ্রম, শিক্ষাগুৰুসকলৰ প্রয়াস আৰু অভিভাৱকসকলৰ বাবে এই সফলতা লাভ কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা শতিকাৰ তৃতীয় দশকত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মাধ্যমেৰে দেশখনে এক নতুন গতি লাভ কৰিছিল বুলি ব্যক্ত কৰিছে৷ প্রধানমন্ত্রীয়ে লগতে উল্লেখ কৰিছে যে চলিত শতিকাৰ তৃতীয় দশকত ভাৰতৰ উন্নয়নে এক নতুন মাত্রা লাভ কৰিব৷ প্রধানমন্ত্রীয়ে দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, আই আই টি, আই আই এম আৰু এইমছ্ক নতুন ভাৰতৰ বিল্ডিং ব্লক হিচাপে অভিহিত কৰিছে৷ এই প্রতিষ্ঠানৰ চৌহদলৈ আহিলে তেনে অনুভৱ বিচাৰি পাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই প্রতিষ্ঠানৰ গৌৰৱময় উপস্থিতি বিশ্বৰ শৈক্ষিক পৰিৱেশত এক শক্তিশালী স্থিতি লাভ কৰিছে৷ লণ্ডনস্থিত টাইমছ্ হায়াৰ এডুকেশ্যন, ইউ এছ ৱার্ল্ড ইউনিভার্চিটি ৰেংকিং, এন আই আৰ এফ আদিৰ দৰে বিশ্বৰ ভিতৰতে স্বীকৃতিপ্রাপ্ত কিছুমান প্রতিষ্ঠানে বিশ্বৰ শীর্ষ কাৰিকৰী প্রতিষ্ঠানৰ ভিতৰত এই শিক্ষা প্রতিষ্ঠানখনক ৰেংকিং কৰাৰ জৰিয়তে আই আই টি, গুৱাহাটীৰ শক্তিশালী শৈক্ষিক পৰিৱেশৰ বিষয়ে বহু কথা কয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ গৱেষণামূলক কার্যকলাপে আমাৰ সমাজখনক যথেষ্ট উপকৃত কৰিছে৷ তেওঁ লগতে কয় যে ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দৃষ্টিভংগীৰ সৈতে মিল থকা বহু বিষয়সমূহৰ গৱেষণা আৰু উন্নয়নক সহযোগিতাৰে আগুৱাই নিয়াৰ বাবে চলোৱা প্রচেষ্টাই দেশখনৰ প্রযুক্তি চালিত আৰু জ্ঞানভিত্তিক সমাজৰ ভেটিক শক্তিশালী কৰিছে৷ তেওঁ লগতে কয় যে বহনক্ষম অনুশীলনসমূহক প্রসাৰিত কৰাৰ বাবে প্রতিষ্ঠানটোৰ দায়বদ্ধতাই সমাজ আৰু পৰিৱেশৰ ওপৰত ইতিবাচক প্রভাৱ পেলাইছে৷ অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ মাজত সহযোগিতাৰ যি পৰিৱেশ নির্মাণ হৈছে ইয়াৰ জৰিয়তে প্রতিষ্ঠানটোৱে ৰাজ্যখনলৈ অপৰিসীম অৱদান আগববাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আই আই টি গুৱাহাটী আৰু অসম চৰকাৰে একেলগে কেইবাটাও প্রকল্পত সহযোগিতাৰে কাম কৰি আহিছে৷ তেওঁ লগতে কয় যে চিকিৎসা গৱেষণাৰ খণ্ডত দেশৰ ভিতৰতে এক অনন্য পদক্ষেপ হিচাপে আৰু বহু বিশেষ সেৱা প্রদানৰ বাবে যৌথভাৱে আই আই টি গুৱাহাটী চৌহদত অসম উন্নত স্বাস্থ্য উদ্ভাৱন প্রতিষ্ঠান স্থাপন কৰা হৈছে৷ তেওঁ লগতে কয় যে জলসম্পদ ব্যৱস্থাপনা, দুর্যোগ সহঁাৰি আৰু প্রস্তুতি, কৃষি, বন্যপ্রাণী সুৰক্ষা, ঐতিহ্য সংৰক্ষণ, তেল আৰু প্রাকৃতিক গেছ খণ্ডত একাধিক প্রযুক্তি বিকশিত কৰা, শিক্ষকৰ সামর্থতা বিকাশ, দক্ষতা উন্নয়ন আদি ক্ষেত্রটো সহযোগিতাৰে কাম কৰি অহা হৈছে বুলি তেওঁ কয়৷ এই সহযোগিতা আৰু অধিক শক্তিশালী কৰি ৰাজ্যৰ স্বার্থত অসম চৰকাৰৰ সৈতে নতুন সহযোগিতা চিনাক্ত কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে অহা ২৫ বছৰত দেশে স্বাধীনতাৰ ১০০ বছৰত পদার্পণ কৰিব৷ স্বাধীনতাৰ এই অমৃত কালত নতুন লক্ষ্য নির্ধাৰণ কৰা হৈছে আৰু প্রযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও অগ্রাধিকাৰ ক্ষেত্র চিনাক্ত কৰি পৰিকল্পনা প্রস্তুত কৰা হৈছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে উন্নত যোগাযোগ বেতাঁৰ নেটৱর্কিং, কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিং, ক্লাউড কম্পিউটিং, চাইবাৰ সুৰক্ষা, ডাটা বিজ্ঞান আৰু ডাটা বিশ্লেষণৰ দৰে উদীয়মান ক্ষেত্রসমূহ অদূৰ ভৱিষ্যতে ব্যৱসায় আৰু সামগ্রিকভাৱে অর্থনৈতিক ফলপ্রসূ নিয়োগৰ বাবে অতি গুৰুত্বপূর্ণ হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ডিগ্রীপ্রাপ্ত ছাত্র–ছাত্রীসকলক অহা ২৫ বছৰৰ বাবে প্রধানমন্ত্রীৰ নির্ধাৰিত দৃষ্টিভংগীক বাস্তবায়িত কৰিবলৈ এই প্রয়ুক্তিগত পৰিৱর্তনক সর্বোচ্চ অৰিহণা যোগাবলৈ আৰু শিক্ষণৰ উদ্যম বিদ্যার্থীসকলে অব্যাহত ৰাখিব লাগিব বুলিও কয়৷  মুখ্যমন্ত্রীয়ে কয় যে এই প্রতিষ্ঠানৰ মাধ্যমেৰে শিক্ষার্থীসকলে যি জ্ঞান লাভ কৰিছে সেইখিনি মানৱ সমাজৰ অধিক মংগলৰ বাবে ব্যৱহাৰ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলৰ এই সফলতাৰ লগে লগে দৰিদ্র আৰু নিপীডিতসকলৰ সৱলীকৰণৰ বাবেও অৰিহণা যোগাবলৈ কয়৷ মুখ্যমন্ত্রীয়ে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ আদর্শৰে দেশৰ বিকাশত অৱদান যোগোৱাৰ বাবেও বিদ্যার্থীসকলক আহ্বান জনায়৷  দীক্ষান্ত সমাৰোহত ২০১১ বিদ্যার্থীক ডিগ্রী প্রদান কৰা হয়৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, আই আই টি গুৱাহাটীৰ বর্ড অৱ গৱর্ণৰ অধ্যক্ষ ড০ ৰাজীৱ মোদী, আই আই টি গুৱাহাটীৰ সঞ্চালক পি কে আয়াৰ আৰু অন্যান্য গণ্য–মান ব্যক্তিসকল উপস্থিত থাকে৷
You might also like