নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান : চিৰিয়াখানাৰ এলেকাধীন হেঙেৰাবাৰী পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ

বিশেষ বার্তা, ৪ জুলাইঃ গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি আৰু ধীৰেনপাৰাৰ পাছত এতিয়া অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশে নাহৰফুটুকীৰ আতংকই বিৰাজ কৰিছে৷ হেঙেৰাবাৰীৰ পাহাৰৰ ঘন জংঘলৰ পৰা ওলাই অহা প্রকাণ্ড নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰাক লৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলে উজাগৰি নিশা পাৰ কৰিছে৷ বিশেষকৈ নিশাৰ ভাগত চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰাসকলে যাতায়তৰ ক্ষেত্রত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ নিশা পাহাৰৰ টিলাত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা দৃশ্য বনকর্মীৰ দৃষ্টিগোচৰ হোৱাত অসম ৰাজ্যিক চিৰিয়াখানাৰ বনাঞ্চলিক বিষয়া অশ্বিনী কুমাৰে মহানগৰবাসীলৈ সতর্কবাণী প্রেৰণ কৰিছে৷ বিশেষকৈ হেঙেৰাবাৰী, বৰবাৰী, গীতানগৰ, সুন্দৰপুৰ আৰু মঠঘৰীয়াকে ধৰি ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশে বাস কৰাসকলক উদ্দেশ্যি বনাঞ্চলিক বিষয়াগৰাকীয়ে জাননী জাৰি কৰিছে৷ নিশাৰ ভাগত চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক অকলে বিচৰণ নকৰিবলৈ ডিএফ’গৰাকীয়ে আহ্বান জনাইছে৷ তদুপৰি নিশা শিশুসকলক অকলে এৰি দিয়া তথা মুকলিকৈ ফুৰাচকা কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ ডিএফ’গৰাকীয়ে অভিভাৱকসকলক জাননীযোগে সতর্ক কৰি দিছে৷ বনাঞ্চলিক বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি তহলদাৰী বনকর্মীৰ দলে চিৰিয়াখানাৰ এলেকাধীন হেঙেৰাবাৰী পাহাৰত নিশা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰাৰ দৃশ্য প্রত্যক্ষ কৰে৷ অৱশ্যে আজি পর্যন্ত পর্যন্ত পাহাৰৰ টিলাৰ পৰা নাহৰফুটুকী জনাঞ্চললৈ ওলাই অহা নাই বুলি তেওঁ সংবাদম মাধ্যমৰ আগত ব্যক্ত কৰি চৌপাশৰ বাসিন্দাসকলক সতর্ক হ’বলৈ আহ্বান জনায়৷ নিশা বনকর্মীৰ দলে টহল দি থাকে যদিও নিশাৰ ভাগত পাহাৰৰ পথত অকলে বিচৰণ নকৰিবলৈ তেওঁ নাগৰিকসকলক আহ্বান জনায়৷ অৱশ্যে এই লৈ চিৰিয়াখানাৰ দর্শনার্থী তথা সর্বসাধাৰণ লোকে আতংকিত হোৱাৰ প্রয়োজন নাই বুলি ডিএফঅ’গৰাকীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে চিৰিয়াখানাৰ ভগ্ন দেৱালয়ৰে প্রায়ে বন্যপ্রাণী জনাঞ্চললৈ ওলাই আহি মুক্ত বিচৰণ কৰে৷ পূর্বেও চিৰিয়াখানাৰ পৰা ওলাই অহা নীলগাই, হৰিণ আদি নিশা মুকলিকৈ বিচৰণ কৰাত স্থানয়ী লোকে বিভাগীয় কর্তৃপক্ষক চিৰিয়াখানাৰ ভগ্ন দেৱাল মেৰামতি কৰিবলৈ দাবী জনাই অহাৰ পাছতো আজিকোপতি বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like