নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছুৰ সমন্বয় বার্তা

পাঁচ দশকজোৰা আত্মনিয়ন্ত্রণৰ অধিকাৰ প্রতিষ্ঠাৰ সংগ্রামখনৰ অন্তত বড়োভূমিত শান্তি আৰু সম্প্রীতিৰ এক নতুন দৃষ্টান্ত গঢ়িবলৈ পদক্ষেপ লৈছে নিখিল বড়ো ছাত্র সন্থা (এবছু)ই৷ অসমৰ সর্ববৃহৎ জনজাতিৰূপে পৰিচিত বড়োসকলৰ বাবে এখন পৃথক ৰাজ্য ‘উদয়াচল’ৰ দাবী উত্থাপন হৈছিল ১৯৬৭তে৷ সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত এবছুৰ নেতৃত্বত আৰম্ভ হৈছিল এখন সুকীয়া বড়ো ৰাজ্যৰ দাবী৷ ‘ডিভাইড আছাম ৫০ : ৫০’ শ্ল’গানেৰে এবছুই চলোৱা সংগ্রামৰ মাজতে বড়োসকলৰ মাজত কেইবাটাও সশস্ত্র সংগঠনে তিনি দশক ধৰি বড়ো অধ্যুষিত অঞ্চলৰ আইন–শৃংখলা পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল৷ বিগত তিনিটা দশকত বড়োভূমিত সঘনে সংঘটিত হত্যা, অপহৰণ আৰু গোষ্ঠী সংঘাতে অঞ্চলটোত বিভীষিকা সৃষ্টি কৰাৰ ফলত উন্নয়নৰ গতিধাৰাও স্তব্ধ হৈছিল৷ বড়োসকলৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ প্রতিষ্ঠাৰ বাবে এবছুৰ নেতৃত্বত আৰম্ভ হোৱা সংগ্রামখনে সাফল্যৰ প্রথমটো খোজ দিবলৈ সক্ষম হৈছিল ১৯৯৩ৰ ২১ নৱেম্বৰত৷ অসম চৰকাৰ আৰু এবছুৰ সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি গঠিত বড়োলেণ্ড স্বায়ত্ত পৰিষদ (বিএচি)ৰ গুৰিবঠা ধৰিছিল এবছুৰ নেতা তথা প্রাক্তন সাংসদ এছ কে বিছমুতিয়াৰীয়ে৷ কিন্তু বিএচিৰ জৰিয়তে প্রত্যাশা পূৰণ নোহোৱাত এবছুকে ধৰি বড়োভূমিৰ বিএছএফ, বিএলটি, এনডিএফবি আদিয়ে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছিল৷ ফলত পৰিস্থিতি আৰু অধিক ভয়ানক হৈ উঠা পৰিলক্ষিত হৈছিল৷ ২০০৩ৰ ১০ ফেব্রুৱাৰীত হাগ্রামা মহিলাৰীৰ নেতৃত্বাধীন বিএলটিৰ স’তে শান্তি চুক্তি স্বাক্ষৰৰ পাছত বিটিচি গঠন কৰা হৈছিল৷ সংবিধানৰ ষষ্ঠ অনুসূচী সংশোধনৰ জৰিয়তে গঠন কৰা বিটিচি পৰিচালনাৰ দায়িত্বও লাভ কৰিছিল হাগ্রামা মহিলাৰীয়ে৷ প্রায় ২ দশক ধৰি বিটিচিৰ গুৰিবঠা ধৰা হাগ্রামা মহিলাৰীৰ বিৰুদ্ধেও ক্ষোভ–সন্তুষ্টিৰ সঞ্চাৰ হৈছিল৷ হাগ্রামা মহিলাৰীৰ কার্যকালত বাংলাদেশী মূলৰ মুছলমানৰ স’তে গোষ্ঠী সংঘাতে ভয়ানক ৰূপ লৈছিল৷ শাসনকালত হাগ্রামা মহিলাৰীয়ে এবছুক উপেক্ষা কৰাটো অতিকৈ লক্ষণীয়৷ বড়োসকলৰ স্বাধিকাৰৰ বাবে দীর্ঘকাল ধৰি সংগ্রামৰ নেতৃত্ব বহন কৰা এবছুই বিগত তিনিটা দশকত বড়ো ৰাজনীতিতো বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু হাগ্রামা মহিলাৰীৰ ভূমিকাক লৈ এবছুকে ধৰি অন্যান্য সংগঠনসমূহেও মহিলাৰীৰ কাম–কাজত ক্ষোভ উজাৰিছিল৷ এনে পৰিস্থিতিত ২০২২ৰ ২৭ জানুৱাৰীত এবছু, এনডিএফবিৰ তিনিটা গোট আৰু বড়ো জাতীয় সংগঠনৰ স’তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে নতুন দিল্লীত স্বাক্ষৰ কৰিছিল বিটিআৰ চুক্তি৷ বিটিআৰ চুক্তিৰ লগে লগে বড়ো ৰাজনীতিত হাগ্রামা মহিলাৰীৰ ছন্দপতন হোৱাৰ লগতে এবছুৰ নেতা প্রমোদ বড়োৰ নেতৃত্বত নতুন অধ্যায় আৰম্ভ হৈছে৷ ইউপিপিএলৰ সভাপতিৰ দায়িত্বত থকা বিটিআৰৰ মুৰব্বী প্রমোদ বড়োই এবছুকে ধৰি বড়োভূমিৰ সংগঠনসমূহক একত্রিত কৰাৰ নিৰলস প্রচেষ্টা গ্রহণ কৰাও দেখা গৈছে৷

প্রকৃততে বিটিআৰ হ’ল বড়োসকলৰ স্বাধিকাৰ প্রতিষ্ঠাৰ তৃতীয়খন চুক্তি৷ মাথোঁ উগ্র জাতীয়তাবাদ আৰু প্রতিবাদৰ নামত হিংসা–বিদ্বেষৰ জৰিয়তে যে বড়োভূমিৰ সামগ্রিক উন্নয়ন সম্ভৱ নহয় সেয়া এবছুৰ নেতৃত্বই ভালদৰে উপলব্ধি কৰিছে৷ তিনি দশকজোৰা প্রতিবাদ আৰু উগ্রপন্থী সংগঠনৰ হত্যা–হিংসাৰ বিভীষিকাৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হৈছে সাধাৰণ শ্রমজীৱী লোকসকল৷ সেয়া বড়ো জাতিৰ লোকেই হওক অথবা অঞ্চলটোত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লোকেই হওক৷ স্বাধিকাৰৰ সংগ্রামৰ বাবে বড়োভূমিত এবছু উগ্র জাতীয়তাবাদী সংগঠন বুলিয়ে অন্যান্য জনগোষ্ঠীৰ সিংহভাগ লোকে গণ্য কৰিছিল৷ কিন্তু ওদালগুৰি জিলাৰ ৰৌতাত অনুষ্ঠিত এবছুৰ ৫৫সংখ্যক অধিৱেশনে এইবাৰ প্রথমবাৰৰ বাবে আশাৰ বার্তা বহন কৰিবলৈ সক্ষম হৈছে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে অধিৱেশনত মুকলিভাৱে ঘোষণা কৰিছে যে বড়োভূমিৰ সকলো জনগোষ্ঠীৰ মাজত সম্প্রীতি আৰু সমন্বয় স্থাপন কৰিবলৈ বিচাৰে এবছুৱে৷ এইক্ষেত্রত পূর্বৰ বিদ্বেষ পাহৰি সকলো জনগোষ্ঠীৰ লোকক ঐক্যবদ্ধভাৱে বিটিআৰৰ বিকাশ আৰু সমন্বয়ৰ যাত্রাত সহযোগ কৰিবলৈ আহ্বান জনাইছে এবছুৰ সভাপতিগৰাকীয়ে৷ এবছুৰ সভাপতিগৰাকীৰ এনে আহ্বান যে মাথোঁ শ্ল’গান নহয় সেয়া প্রতিফলিত হৈছে বড়ো জাতীয় সংগঠনটোৰ অধিৱেশনখনত৷ অধিৱেশনৰ মূল তোৰণ, মূল মঞ্চ, প্রদর্শনীৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠান, স্মৃতিগ্রন্থ আদিত এবছুই প্রথমবাৰৰ বাবে সম্প্রীতি আৰু সমন্বয়ৰ বার্তা দিবলৈ চেষ্টা কৰিছে৷ একেদৰে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰৰ লগতে অসমীয়াকে ধৰি অন্যান্য জনগোষ্ঠীৰ সাজ– পোছাক আৰু সংস্কৃতিক সমানেই গুৰুত্ব দিছে এবছুই৷ এবছুৰ সভাপতিগৰাকীৰ এনে পদক্ষেপে নিশ্চিতভাৱে বডোফা উপেন্দ্র নাথ ব্রহ্মৰ সপোনে সাকাৰ ৰূপ লাভ কৰাৰ সম্ভাৱনা আছে৷ বডোফা ব্রহ্মই বিচাৰিছিল অৱহেলিত বড়োসকলৰ স্বাধিকাৰ প্রতিষ্ঠাৰ লগত এখন বিকশিত বড়োভূমি গঠন৷ এইক্ষেত্রত বড়োভূমিত বাস কৰা প্রতিটো জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয় সৃষ্টিৰ বাবে নিৰলস পদক্ষেপ লৈছিল৷ বড়োভূমিৰ বিকাশ নিশ্চিত কৰিবলৈ হ’লে অঞ্চলটোত এক শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবই লাগিব৷ তিনিখন চুক্তিৰ জৰিয়তে দেশৰ সংবিধান সংশোধন কৰি বড়োসকলে লাভ কৰা স্বভূমিক এতিয়া বিকশিত কৰি তোলাৰ সময়৷ বিগত সময়ছোৱাত জাতি–জনগোষ্ঠীসমূহ মাজত সৃষ্টি হোৱা মতভেদ আৰু বিদ্বেষ দূৰ নহ’লে বড়োভূমিৰ বিকাশৰ গতিধাৰাই ইপ্সিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহয়৷ বিটিআৰৰ নেতৃত্ব গ্রহণ কৰাৰ পাছত প্রমোদ বড়োই ইতিমধ্যে বড়োভূমিৰ ভাগি পৰা শিক্ষা ব্যৱস্থাক নৰূপত গঢ়াৰ পদক্ষেপ লৈছে৷ দুখীয়া ছাত্র–ছাত্রীসকলৰ বাবে উপযুক্ত চিকিৎসাৰ বাবে জলপানিৰ ব্যৱস্থা কৰিছে৷ প্রতিভাৱান ছাত্র–ছাত্রীসকলক সর্বভাৰতীয় প্রশাসনীয় পৰীক্ষাৰ বাবে সাজু কৰিবলৈ প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা লৈছে৷ খেলুৱৈসকলক উপযুক্ত প্রশিক্ষণ দিয়াৰ আঁচনি গ্রহণ কৰিছে৷ গ্রামাঞ্চলৰ বাট–পথকে ধৰি যোগাযোগ ব্যৱস্থাৰ দ্রুত পৰিৱর্তন হৈছে৷ এনে পৰিস্থিতিত এবছুৰ সম্প্রীতি আৰু সমন্বয়ৰ বার্তাই বড়োভূমিত শান্তি আৰু বিকাশত সহায়ক হ’ব৷

You might also like