নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ পুৰোহিত-নামঘৰীয়ালৈ এককালীন আৰ্থিক সাহায্য প্রদান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ৬১২৪গৰাকী নামঘৰীয়া আৰু ২৪৩৮গৰাকী পুৰোহিতলৈ ১০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়ায়। উল্লেখ্য যে ক’ভিড-১৯ৰ প্রাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলৰ আৰ্থিক সকাহ দিয়াৰ বাবে অসম চৰকাৰে বিশেষ অনুদান প্রদানৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বছৰ ক’ভিডৰ সময়ত বিধবা হোৱা মহিলা, গাড়ীচালক, হেণ্ডিমেন, মাউৰা বা ঘাটমাউৰা হোৱা শিশু আদিক ৰাজ্য চৰকাৰে যি আৰ্থিক সাহায্য প্রদান কৰিছিল তাৰ জৰিয়তে বহু ব্যক্তি উপকৃত হৈছিল। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে পূৰ্বে ঘোষণা কৰা অনুযায়ী পুৰোহিত আৰু নামঘৰীয়াসকলৰ একাউণ্টত বেংক ট্ৰেন্সফাৰৰ জৰিয়তে
আৰ্থিক অনুদান প্রদান কৰা হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে নাম আৰু কীৰ্ত্তন অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ গণতান্ত্ৰিক সামাজিক প্রতিষ্ঠান নামঘৰতে অসমৰ জাতি-জনগোষ্ঠীৰ সামাজিক একত্ৰিকৰণ আৰম্ভ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নামঘৰ আৰু মন্দিৰসমূহে অসমীয়া সংস্কৃতি আৰু স্থাপত্যক বিশেষভাৱে দাঙি ধৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত পুৰোহিত আৰু নামঘৰীয়াসকলে যি বৰঙণি যোগাই আহিছে তাৰ জৰিয়তে সনাতন ধৰ্মই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ধৰ্ম বুলি ক’লে সকলো সমান। কিন্তু কোনো ধৰ্মই যদি আমাৰ সংস্কৃতিকো প্রতিনিধিত্ব কৰে, তেতিয়াহ’লে তাৰ সংজ্ঞা নিশ্চিতভাৱে বেলেগ হ’ব। এয়া হ’ল এটা ধৰ্ম নিৰপেক্ষ সংজ্ঞা। মন্দিৰ আৰু নামঘৰে আমাক আধ্যাত্মিকভাৱে প্রশান্তি প্রদান কৰে যদিও ই আমাৰ সংস্কৃতিৰো পৰিচয়। মন্দিৰত পূজা বা উপাসনাৰ ধৰ্মীয় পৰম্পৰা জড়িত হৈ আছে যদিও ইয়াৰ সৈতে বহুতো আনুসংগিক ব্যৱস্থা আছে, যি আমাৰ সংস্কৃতি। যেনেকৈ দুৰ্গা পূজাত আমি পূজা কৰো, কিন্তু পূজাৰ লগত যি ওজাপালি হয়, সি আমাৰ সংস্কৃতি। পূজাৰ লগত গায়ন-বায়ন, আৰতি কৰা পৰম্পৰা হ’ল সংস্কৃতি। তেওঁ কয় যে আমাৰ পুৰণি মন্দিৰসমূহ স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। কামাখ্যা মন্দিৰ, শিৱদৌলে সেই সময়ত অসমৰ স্থাপত্যকলাক প্ৰতিনিধিত্ব কৰে। শোণিতপুৰৰ মহাভৈৰৱ মন্দিৰে প্রাগৈতিহাসিক কালত আমাৰ স্থাপত্য কলা তথা সংস্কৃতি কিধৰণে আছিল সেয়া প্রতিফলিত কৰে। আবহমান কালৰ পৰা আমাৰ যি সংস্কৃতি তাকো পুৰোহিতসকলে জীয়াই ৰাখিছে। তেওঁ কয় যে বিবাহ প্রথাৰ সৈতে যেনেদৰে ধৰ্মীয় ৰীতি-নীতি জড়িত হৈ থাকে, তেনেদৰে বিয়ানামত আমাৰ সংস্কৃতিৰ প্রৱাহমান ধাৰাটো জড়িত হৈ থাকে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসম দৰ্শন আঁচনিৰ জৰিয়তে পুৰণি মন্দিৰসমূহ সংৰক্ষিত কৰাৰ বাবে যি ব্যাপক প্রচেষ্টা হাতত লৈছে তাৰ জৰিয়তে নামঘৰ, মন্দিৰসমূহ আজি ঠন ধৰি উঠিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহা বৰ্ষৰ ১ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা যশস্বী শিল্পী তথা পদ্মত্ৰী প্ৰয়াত প্রতিমা পাণ্ডে বৰুৱাৰ বাসভৱনটি এটি সংগ্ৰহালয় হিচাপে স্থাপন কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদ্দুৰীয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো ভাষণ প্রদান কৰে। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, যোগেন মহন, বিধায়ক পৰমানন্দ ৰাজবংশী, বিদ্যাসিং ইংলেং আদিকে ধৰি কেইবাগৰাকী বিধায়ক প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

You might also like