নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য শোভাযাত্ৰাৰে লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত লিডু শাখা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশন খনি আজি সফল সামৰণি পৰে। শাখাৰ নৱনিৰ্বাচিত সভাপতি ড° ৰঞ্জিত দত্তক এখন সু সজ্জিত গাড়ীত আৰোহন কৰাই লিডুৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাই পথেদি উলিওঁৱা হয় শোভাযাত্ৰাটি। গায়ন বায়ন, বিহু হুচৰি, জেং বিহু, চিংফৌ, টাংচা, টাই ফাকে, গোৰ্খা, বাঙালী, হাজং আদিৰ লগতে জিকিৰ জাৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ৩০টা সাংস্কৃতিক দলকলৈ ১৫ শতাধিক লোকৰ অংশগ্ৰহণেৰে উলিওৱা শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। নৱনিৰ্বাচিত সভাপতিগৰাকীক ৰজনী গগৈ সোৱঁৰণী মণ্ডপলৈ আদৰি অনাৰ লগে লগে ববিতা দাস চৌধুৰীৰ নেতৃত্বত চিৰ চেনেহী গীতেৰে মুখৰিত হৈ পৰে। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। এই অনুষ্ঠানৰ অন্যতম শাখা লিডু শাখা সাহিত্য সভা। বিভিন্ন- জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ সকলো ভাষা-ভাষী ৰাইজক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা লিডু শাখা সাহিত্য সভাৰ দ্বি -বাৰ্ষিক অধিবেশন উপলক্ষে নৱনিৰ্বাচিত সভাপতি ড° ৰঞ্জিত দত্তৰ পৌৰহিত্যত আয়োজিত মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি জগত চাংমাইয়ে। সম্পাদক ৰাণাজ্যোতি নেওগে আতঁধৰা তথা উদ্দেশ্যে বাখ্যা কৰা সভাখনত নিজ সভাপতিৰ ভাষণত নৱনিৰ্বাচিত সভাপতি ড° ৰঞ্জিত দত্তই লিডুৰ বৰ্ণিল ইতিহাস, বৈচিত্যৰ মাজত ঐক্য আদিৰ বাখ্যা ডাঙি ধৰাৰ লগতে লিডুৱে শক্তিশালী এক জাতি গঠন প্ৰক্ৰিয়া কিদৰে আগুৱাই নিছে তাৰ বাখ্যা ডাঙি ধৰে।বিশিষ্ট অতিথি ৰূপে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই অংশগ্ৰহণ কৰা সভাখনত বিদায়ী সভাপতি ড° দিপালী বৰপুজাৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। মাধৱদয়াল দত্তৰ সম্পাদনাত প্ৰকাশিত শাখাৰ পত্ৰিকা দিহিং উন্মোচন কৰি নিদিষ্ট বক্তা চল্ট ব্ৰুুক একাডেমীৰ ইংৰাজী মুৰব্বী অধ্যাপক মৌচম বৰুৱাই তত্বগধুৰ ভাষণ প্ৰদান কৰে। বৰুৱাই নতুন প্ৰজন্মক বিশ্বাস আৰু আস্থাত লৈ জ্যেষ্ঠ সকলে কাম কৰিব লাগিব বুলি কয়। সভাখনত ড° কৃপা প্ৰসাদ উপাধ্যায়, ফুলমাই ফুকন, চুফাতি পমুং মিলি, সুপ্ৰিয় গুপ্ত, ডম্বৰুধৰ নেওগ, লোকনাথ কোঁ‌ৱৰ, কৈলাশ গুপ্তা, লক্ষীনাথ হালৱা, চন্দ্ৰ গৌতম সুখদেব শৰ্মা, ৰামপ্ৰসাদ আম্বেদকাৰ, পাপু দত্ত, লক্ষ্যধৰ সোণোৱাল, পবিত্ৰ বৰগোহাঞি আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত লোকশিল্পী মন মাউত, ভগীৰথ দাস সঞ্জীৱ বৰুৱা ভোলা দত্ত আদিক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচী অনুসৰি ১৫ ডিচেম্বৰত লিডু ৰেলৱে ৰাজহুৱা ৰঙ্গমঞ্চত বিয়লি লিডু শাখা সাহিত্য সভাৰ সাধাৰণ সভা আৰু বিষয়বাচনি সভাখনি অনুষ্ঠিত হ’য়। ড° দিপালী বৰপুজাৰীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা আৰু বিষয় বাচনি সভাই ড° ৰঞ্জিত দত্তক সভাপতি মাধৱদয়াল দত্তক উপ সভাপতি ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক সুখদেব শৰ্মাক সহঃ সম্পাদক লক্ষীনাথ হালৱাক কোষাধ্যক্ষ হিচাপে লৈ ১১জনীয়া লিডু শাখা সাহিত্য সভাৰ ২০২২-২৪ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ১৬ ডিচেম্বৰৰ পুৱা অসম সাহিত্য সভাৰ ৫৫ খন পতাকা উত্তোলনকৰা হয়। মুখ্য উত্তোলক ৰূপে অংশগ্ৰহণ কৰে লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰীয়ে। তাৰ পিছত স্মৃতি তৰ্পণ। মুখ্য তৰ্পক আদৰণি সমিতিৰ সভাপতি জগত চাংমাই। লগতে ৫৫ গছি বন্তি প্ৰজ্বলন। মুখ্য প্ৰজ্বলক সুখদেব শৰ্মা , কাৰ্যকৰী সভাপতি, আদৰণি সমিতি। ইফালে লিডু শাখা সাহিত্য সভাৰ প্ৰয়াত সভাপতি উপ -সভাপতি তথা সম্পাদকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । তাৰ পিছত কুঁহি (শিশুসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ’য়। বিয়লি ৩বজাত আঘোনৰ এটি কবিতাৰ সন্ধিয়া শীৰ্ষক বহুভাষীক কবি সমাৰোহ অনুষ্ঠিত হয়। ড° ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি কবি ৰূপে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি ক্ৰমে ডাঃ নীলাক্ষি চলিহা গগৈ পবিত্ৰ গগেৈয়ে উপস্থিত থাকে । ডেৰকুৰি কবিতাৰে মুখৰিত হয় কাব্যানুষ্ঠানটি। সন্ধিয়া পুৰণি সুৰৰ সুবাস শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ’য়। শিল্পী তথা সু চিকিৎসক ডাঃ মনোজ গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটোত আভা বৰদলৈ ডাঃ এচ আৰ দাস আৰতি বিশ্বাস তৰাপ্ৰসাদ দিহিঙ্গীয়া লাকি নাথ মানিক সেন চৌধুৰী আদিয়ে পুৰণি গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। আজি পুৱা ৮ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা হয়। নিশা পথাৰ শিল্পী লোহিত গগৈ আৰু মাইনা হিমাদ্ৰীৰ গীতৰ শৰাইৰেৰে অনুষ্ঠানটো সামৰণি পৰে। অন্যহাতে আজিৰ মুকলি সভাত যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, বিকাশ বৰুৱা, ফাইজুৰ ৰহমান, তপন দে, শ্যামল নেওগ, অৰুণ ভূঞা, আব্দুল আলিম প্ৰমুখ্য মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ কেইবাগৰাকীও সাংবদিকক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like