নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ ৮ বছৰে অসম্পূৰ্ণ ! মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ!

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰঃ বিগত ৮ বছৰে সম্পূৰ্ণ নহল উজনিৰ ফৰ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।অতি লেহেমীয়া গতিৰে কাম হোৱাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান সম্পূৰ্ণ নোহোৱাৰ সততে হোৱা উথাপিত অভিযোগৰ বিপৰীতে এইবাৰ ভয়,ভাবুকি,চাণ্ডা সংগ্ৰহ,সন্ত্ৰাসিত কৰাৰ দৰে গুৰুতৰ অভিযোগ উঠিছে।যাৰ বাবেই ফ’ৰ লেন ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আজিও অসম্পূৰ্ণ হৈ ৰৈছে বুলি মহা অভিযোগ তুলিছে জিলাখনৰ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে।ৰাষ্ট্ৰীয় ঘাই পথৰ এনে কামক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে।সন্ত্ৰাসিত কৰা,ভয় আৰু ভাবুকিৰে চান্দা তোলাৰ বাবেই আজিও নিৰ্মান শেষ নহল বুলিও ক্ষোভ উজাৰি সেই সকলৰ বিৰুদ্ধে বিহিত আইনীগত ব্যৱস্থা লোৱাৰো আজি হুংকাৰ প্ৰদান কৰে বিধায়ক গগৈয়ে।আজি ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত আয়োজিত সভা সমাপন কৰি বিধায়ক চক্ৰধৰ গগৈয়ে সাংবাদিকৰ আগত কয় যে ভয় ভাবুকি, দাদাগিৰি আৰু চান্দা নীতিৰ বাবেই সম্পূৰ্ণ হোৱা নাই উজনিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম।তাৰোপৰি চাব কন্ট্ৰেক কৰা ঠিকাদাৰে কাম নোহোৱাকৈ ধন সৰকাই নিয়ে।বহুত বেমেজালিৰ স্বৃষ্টি হৈছে।সেয় ৰাষ্ট্ৰীয় ঘাইপথৰ কামত ভীষণ অসন্তুষ্ট হৈ থকা বিধায়ক গগৈয়ে নিৰ্মাণৰ কামত হকাবাধা দিয়া সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰি অহা মাৰ্চৰ ভিতৰত ৰাস্তা সম্পূৰ্ণ নহলে নিৰ্মাণত জৰিত কোম্পানীক ব্লেক লিষ্টেড কৰা হব বুলিও উল্লেখ কৰি কয় যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাইজে চৰকাৰক জগৰীয়া কৰিব বিছাৰে।প্ৰকৃততে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম এন এইচ আই ডি চি এলৰ (NHIDCL- National Highways and Infrastructure Development Corporation)ৰ দ্বাৰাহে কৰা হৈছে।সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে এই পথসমূহ নিৰ্মান কৰা হৈছে।আজি উজনিৰ এই কামত জৰিত এন এইচ ডি চি এলৰ মহাপ্ৰবন্ধক,উপ মহাপ্ৰবন্ধক তথা ঠিকাদাৰী প্ৰতিষ্ঠান সমূহৰ লগত এলানি আলোচনা হয়।আলোচনাত ফ’ৰ লেন ৰাষ্ট্ৰীয় ঘাইপথৰ কামত শিৱসাগৰৰ ডিমৌৰ পৰা ডিব্ৰুগড়ৰ বৰবৰুৱালৈকে জৰিত গণপতি কনষ্ট্ৰাকচন,জে কে এম,মোহনলাল জৈন আৰু ব্ৰহ্ম নামৰ চাৰিটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে।আলোচনাত স্থানীয় বিভিন্ন দল,সংগঠনে ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰাতো পোহৰলৈ অহাৰ লগতে কিছু কিছু ব্যক্তিয়ে অনাহকত নিৰ্মানত জৰিত লোকক দাবী-ধমকি দিয়াৰো অভিযোগ উথাপিত হৈছে বুলি বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰকাশ কৰে।বিধায়ক গগৈয়ে স্পষ্টভাষাৰে কয় যে দেশ নিৰ্মানৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহব।যিসকল লোকে এনে নীতিবিৰোধ কাৰ্যত জৰিত হৈছে,সেইসকলৰ ওপৰত যথাবিহিত আইনগত ব্যৱস্থা লবলৈ জিলা আৰক্ষী অধীক্ষকক প্ৰয়োজন সাপেক্ষে আৰ্জি দিয়া হব।ইতিমধ্যেই জিলা উপায়ুক্তই, এই বিষয়ত অৱগত হৈছে।সেয়ে ভবিষ্যতে এই ক্ষেত্ৰত সকলো দিশৰ ওপৰত কাৰা নজৰ ৰখা হব বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে।তেওঁ লগতে কয় যে আজিয়েই পথ নিৰ্মানকাৰী সংস্থাসমূহক অহা মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ অন্তিম তাৰিখ হিচাপে ধাৰ্য কৰি দিয়া হৈছে।মাচ মাহৰ ভিতৰত শিৱসাগৰৰ ডিমৌৰ পৰা ডিব্ৰুগড়ৰ বৰবৰুৱালৈ ঘাইকৈ পথৰ কাম শেষ কৰি ৰাইজক উপহাৰ দিয়ক।দুই-এখন দলং অসম্পূৰ্ণ হলেও কোনো কথা নাই।কিন্তু পথৰ নিৰ্মান শেষ হবই লাগিব,অন্যথা সেই ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰো পোষকতা কৰে বিধায়ক গগৈয়ে।উল্লেখ্য যে ২০১৪ চনতেই কাম আৰম্ভ হৈছিল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ।কিন্তু উজনিত যোৱা ৮ বছৰে সম্পূৰ্ণ হৈ নুঠিল পথ নিৰ্মাণৰ কাম।ফলত বছৰ বছৰ ধৰি দুৰ্ভোগ ভূগিছে উজনিৰ ৰাইজে।সেয়ে আজি ডিব্ৰুগড়ত উপায়ুক্ত কাৰ্য্যালয়ত NHIDCL ৰ উপ মহাপ্ৰবন্ধক ৰাজ কিশোৰ সিনহা, প্ৰকল্প পৰিচালক যুগৰাজ পাণ্ডেৰ লগতে নিৰ্মাণ কোম্পানীৰ বিষয় ববীয়াৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু বিধায়ক চক্ৰধৰ গগৈৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।বৈঠকত লেহেমীয়া কামৰ সন্দৰ্ভত প্ৰতিটো দিশ আৰু সমস্যা বিশদভাৱে আলোচনা কৰা হয়।

প্ৰেৰক বিভাস দুৱৰা।

You might also like