নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত বীৰ লাচিত সেনাৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰী : বীৰ লাচিত সেনা অসমৰ, ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা নক্আউট ক্ৰিকেট প্ৰতিযোগিতাখনিৰ ১ ফেব্ৰুৱাৰীত সামৰণি পৰে৷ প্ৰতিযোগিতাখনিৰ ফাইনেলৰ দিনা বীৰ লাচিত সেনা অসমৰ শোণিতপুৰ জিলাৰ সভাপতি উজ্জ্বল শইকীয়া আৰু জিলা সমিতিৰ শিক্ষা সচিব বিদ্যুৎ নাথ উপস্থিত থাকে৷ অন্তিম দিনৰ অনুষ্ঠানটিৰ আঁত ধৰে জিলা সমিতিৰ সাংস্কৃতিক সচিব ৰূপম গোস্বামীয়ে ৷ আঞ্চলিক সমিতিৰ নিমন্ত্ৰণ ক্ৰমে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, অসমৰত্ন  কবিন্দ্ৰ দাস আৰু জি এচ গ্ৰুপৰ স্বত্বাধিকাৰী চব্বিৰ শ্বেখ ৷ ফাইনেল খেলখন “ৰাইজিং ষ্টাৰ” আৰু “চুপাৰ ধামাকা” দলৰ মাজত অনুষ্ঠিত হয়৷ প্ৰথম ইনিংছত বেটিং কৰি চুপাৰ ধামাকা দলটিয়ে ৬ অভাৰত ৯২ ৰান সংগ্ৰহ কৰে, দ্বিতীয় ইনিংছত ৰাইজিং ষ্টাৰে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ফাইনেল খেলখনত “মেন অব দি মেচ” সন্মান লাভ কৰে চুপাৰ ধামাকা দলৰ বাব্লু গোৱালাই আৰু “মেন অব দি চিৰিজ” সন্মান লাভ কৰে ৰাইজিং ষ্টাৰ দলৰ জাকিৰ আলীয়ে৷ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ বীৰ লাচিত সেনা অসমে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like