নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ডাঃ কানুলাল দাসৰ একক প্ৰচেষ্টাত লাচিত শিশু উদ্যান নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : বিলাসীপাৰাবাসীৰ বহুদিনীয়া অভাৱ আজি পূৰণ হল। শিশুসকলৰ মনোৰঞ্জন আৰু উমলিবলৈ ইমান দিনে কোনো ধৰনৰ সা-সুবিধা নাছিল। এই অভাবৰ বিষয়ে অঞ্চলটোৰ বিশিষ্ট চিকিৎসক ডা: কানু লাল দাসে বাৰুকৈ অনুভৱ কৰে। যোৱা ১৯৯৯ চনতে চহৰখনৰ ৫নং ৱাৰ্ড বাবুপাৰাত এখন শিশু উদ্যান স্থাপনৰ পৰিকল্পনা কৰে। পৰিকল্পনা মতেই মহাবীৰ লাচিত বৰফুকনৰ নামত শিশু উদ্যান স্থাপন কৰা হয়। সময় অতিবাহিত হোৱাৰ দৰে উদ্যানখন ক্ৰমান্বয়ে জহিখহি যায়। উদ্যানখনৰ এই দুৰৱস্থাই চিকিৎসকজনক চিন্তিত কৰি তুলিছিল। চহৰখনত সকলতকৈ কম মাননী লোৱা চিকিৎসক জনে শিশু উদ্যানখন আটক ধুনীয়াকৈ পুণৰ নিৰ্মান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। কথামতে কাম, চিকিৎসক জনে একক প্ৰচেষ্টাৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি উদ্যানখন ন ৰূপত সজাই পৰাই তোলাৰ লগতে এটি মহাবীৰ লাচিতৰ প্ৰতিমুৰ্তিও নিৰ্মাণ কৰে । আজি অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ ড০ অশোক কুমাৰ সিংহীৰ শ্ৰীহাতৰে আনুষ্ঠানিক ভাবে উদ্যানখন উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত প্ৰতি মনালিছা দাস, দণ্ডাধীশ নম্ৰতা বৰুৱা, বিজেপিৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কলিতা, ড০ বি, আৰ, আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ সভাপতি দয়াল পাল,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি সাহনোৱাজহ হুছেইনকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজ ভাষণ প্ৰসংগত চিকিৎসক জনৰ মহানুভৱতাক প্ৰশংসা কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like