নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰূপ মন্তব্য : যোৰহাটৰ সুৰেন কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ শুৱালকুছিৰ শিপিনীৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ যোৰহাটত পাট কাপোৰ ব্যৱসায়ী সুৰেন কলিতাই শুৱালকুছি তাতঁশিল্প উন্নয়ন সমিতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰি শুৱালকুছিৰ বস্ত্ৰশিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোবা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শুৱালকুছিৰ শিপিনীসকলে ৷ আজি সন্ধিয়া ৭ বজাত শিপিনীসকলে শুৱালকুছি বজাৰ চ’কত হাতে হাতে প্লেকাৰ্ড লৈ সুৰেন কলিতাৰ হায় হায়, সুৰেন কলিতা মুৰ্দাবাদ, সুৰেন কলিতা লেই লেই চেই চেই আদি ধ্বনিৰে শুৱালকুছিৰ আকাশ বতাহ মুখৰ কৰি তোলে৷ সুৰেন কলিতাই যেতিয়ালৈকে শুৱালকুছিৰ শিপিনীৰ ওচৰত ৰাজহুৱাভাবে ক্ষমা খুজি নিজৰ বক্তব্য উঠাই নলয় তেতিয়ালৈকে শিপিনীসকলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব ৷ আনহাতে শুৱালকুছিৰ শিপিনীসকলে প্ৰয়োজনত সুৰেন কলিতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আজিৰ প্ৰতিবাদস্থলীত উল্লেখ কৰে। উল্লেখ্য যে যোৱা ২১ মাৰ্চত সুৰেন কলিতাৰ যোৰহাটস্থিত বোৱাৰী নামৰ পাট কাপোৰৰ বিপণীখনত স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত শুৱালকুছি তাতঁশিল্প উন্নয়ন সমিতিয়ে শুৱালকুছিৰ বস্ত্ৰ বুলি গ্ৰাহকক ঠগাই বিক্ৰী কৰি থকা নকল কাপোৰ উদ্ধাৰ কৰি জব্দ কৰিছিল৷ ইয়াতে তেওঁ খৰ্গহস্ত হৈ প্ৰচাৰ মাধ্যমত শুৱালকুছিৰ দলটোৰ ওপৰত বিৰূপ মন্তব্য কৰি গোটেই বিষয়তো অন্য ফাললৈ নিব চেষ্টা কৰিছিল ৷ সমিতিয়ে তেওঁৰ বক্তব্য উঠাই লবলৈ ৪৮ ঘন্টা সময় দিছিল যদিও বিষয়টোত তেওঁ গুৰুত্ব নিদিয়াত শুবালকুছিৰ শিপিনীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ উল্লেখ্য যে সুৰেন কলিতাৰ ঘৰ শুৱালকুছিত যদিও বৰ্তমান তেওঁ যোৰহাটৰ বাসিন্দা৷ শুৱালকুছি ব্যক্তি হোৱাৰ পিছতো শুৱালকুছিৰ পাট কাপোৰৰ নামত নকল বস্ত্ৰ বিক্ৰী কৰি শুৱালকুছিৰ ঐতিহ্যত কালিমা সনা কাৰ্য শুৱালকুছিৰ শিপিনী বোৱনীসকলে কেতিয়াও সহ্য নকৰে৷ পৰৱৰ্তী দিনত তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো ইংগিত দিয়ে প্ৰতিবাদী শিপিনী সকলে ৷

প্ৰেৰক দিলীপ মেধি

You might also like