নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী জয়নাল

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  ড্রাগ্ছৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে নগাঁও আৰক্ষী৷ ইতিমধ্যেই আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ সৈতে এখম সভাত অংশগ্রহণ কৰি অপৰাধৰ বিৰুদ্ধে কঠোৰ হ’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিয়া নির্দেশনাৰ পাছত অধিক সষ্টম আৰু কঠোৰ হৈছে অসম আৰক্ষী৷ কালি নিশা নগাঁৱত ড্রাগ্ছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীওৱাৰ ঘটনা সংঘটিত হৈছে৷ কালি ড্রাগ্ছ সৰবৰাহৰ এক গোপন খবৰ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে৷

গোপন সূত্রৰ খবৰৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ বৰঘাটত পেলাইছিল জাল৷ কিন্তু আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল ড্রাগ্ছ সৰবৰাহ কৰি থকা দুই মাফিয়া৷ এখন বাইকেৰে নিচাজাতীয় দ্রব্যৰ কার্টন লৈ বৰঘাট পাৰ হৈ যোৱাৰ চেষ্টা কৰিছিল যদিও ড্রাগ্ছ মাফিয়া দুজনৰ সন্ধানত ৰৈ থকা আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় দুই ড্রাগ্ছ সৰবৰাহকাৰীক৷ আৰক্ষীক দেখিয়েই সৰবৰাহকাৰী দুজন পলায়নৰ চেষ্টা কৰাৰ সময়তেই আৰক্ষীয়ে গুলী চলায় ড্রাগ্ছ মাফিয়াক লক্ষ্য কৰি৷

আৰক্ষীৰ গুলীত লগে লগে কুখ্যাত ড্রাগ্ছ মাফিয়া আজিজুল হক আহত হয়৷ আহত আজিজুলক গ্রেপ্তাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰায় আৰক্ষীয়ে৷ আজিজুলৰ পৰা নিচাজাতীয় ঔষধৰ কার্টন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে৷ অৱশ্যে আজিজুলৰ লগত থকা আনজন সৰবৰাহকাৰী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে পলাতক ড্রাগ্ছ সৰবৰাহকাৰীজনৰ সন্ধানত অভিযান চলাইছে যদিও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে নগাঁও চহৰৰ চকীটুপত যোৱানিশা ৰাইজে কৰায়ত্ত কৰে দুজন ডকাইতক৷ নিশা চকীটুপৰ চেলিম খান নামৰ অভিযন্তাজনৰ ঘৰত প্রৱেশ কৰিছিল তিনিজনীয়া এটা ডকাইতৰ দল৷ ডকাইতৰ দলটোৱে ঘৰৰ গৰাকী চেলিম খানক মাৰধৰ কৰি আঘাতপ্রাপ্ত কৰে৷ পাছত চেলিম খানে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ দুজন ডকাইতক আটক কৰে যদিও আন্ধাৰৰ সুযোগ লৈ এজন ডকাইতে পলায়ন কৰে৷ পাছত স্থানীয় ৰাইজে ডকাইত দুজনক নগাঁও আৰক্ষীক চমজাই দিয়ে৷ সম্প্রতি নগাঁও আৰক্ষীয়ে ডকাইত দুজনক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

আনহাতে, নগাঁও জিলাৰ ধিঙৰ শালকাটিত আজি পুৱতিনিশা আৰক্ষীৰ গুলীত নিহত হয় কুখ্যাত অপৰাধী জয়নাল আবেদিন৷ নিহত অপৰাধীজন বিভিন্ন অপৰাধৰ লগতে অস্ত্র সৰবৰাহৰ লগতো জড়িত আছিল৷ এক গোপন খবৰৰ ভিত্তিত আজি পুৱতিনিশা নগাঁও আৰু ধিং আৰক্ষীয়ে অপৰাধীজনক গ্রেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু অপৰাধীজনৰ মাজত গুলীয়াগুলী লাগে৷ এই সংঘর্ষত জয়নাল আবেদিনৰ মৃত্যু হয়৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৭.৬৫ৰ এটা পিষ্টলৰ লগতে তিনি জাঁই সক্রিয় গুলী উদ্ধাৰ কৰিছে৷ ধিং আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰাৰ লগতে ঘটনা সন্দর্ভত আৰক্ষীয়ে বর্তমানেও অভিযান অব্যাহত ৰাখিছে৷

উল্লেখ্য যে নগাঁও জিলাত ড্রাগ্ছ সৰবৰাহজনিত ঘটনা ৰোধ কৰাৰ লগতে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই আছে যদিও জিলাখনত এতিয়াও একাংশ ড্রাগ্ছ সৰবৰাহকাৰী, অপৰাধী আৰু চোৰ–ডকাইতৰ দল সক্রিয় হৈ আছে৷

You might also like