নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশু চিকিৎসাক সামাজিক দায়বদ্ধতা হিচাপে লোৱাৰ আহ্বান

খানাপাৰাত অত্যাধুনিক পশু চিকিৎসা ক্লিনিক মুকলি মনোজ শইকীয়াৰ

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ গুৱাহাটীৰ খানাপাৰাত ভেটচিটী নামৰ এখন অত্যাধুনিক ক্লিনিক আজি মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন আধুনিক ক্লিনিকত সকলোধৰণৰ পৰীক্ষা আৰু চিকিৎসা সেৱা উপলব্ধ হ’ব৷ যুৱ পশু চিকিৎসক ডাঃ নৱাব ইউনিছ আৰু ঋতুপর্ণ গগৈৰ প্রচেষ্টাত গঢ় লৈ উঠা ক্লিনিকখনে দীর্ঘদিনীয়া সমস্যাৰ সমাধান কৰিলে বুলি মন্তব্য কৰি উদ্বোধক অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে বৃত্তিগত তথা বাণিজ্যিক বিষয়টো থাকিলেও সমানে সমানে এই ক্ষেত্রখনত সামাজিক দায়বদ্ধতা থকাটো প্রয়োজন৷ অনুষ্ঠানত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডাঃ বিবেকানন্দ শইকীয়া আৰু কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকে৷

You might also like