নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৩ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে মুখ্যমন্ত্ৰীসকলৰে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ১০ মেঃ দেশত দৈনিক বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্ৰমণ আৰু লকডাউনক লৈ সোমবাৰে সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী । আবেলি ৩ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে মুখ্যমন্ত্ৰীসকলৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী। দেশত ক’ৰোনাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত সোমবাৰে ৫ নম্বৰ বাৰলৈ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত বহিব প্ৰধানমন্ত্ৰীগৰাকী ।

দেশত ১৭ মে’ত সমাপ্ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰাকমূহুৰ্তত এই বৈঠকখন গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে । এই বৈঠকত দেশৰ অৰ্থ ব্যৱস্থাৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱণা কৰা হৈছে । এক সূত্ৰ মতে, দেশৰ আৰ্থিক ব্যৱস্থাক বৃদ্ধি কৰা আৰু কণ্টেনমেইন জ’নসমূহত মহামাৰী ক’ৰোনা প্ৰতিৰোধৰ বাবে লব পৰা ব্যৱস্থা সন্দৰ্ভত এই আলোচনাত চৰ্চা লাভ কৰিব পাৰে ।

ইপিনে প্ৰতিখন ৰাজ্যৰ শেহতীয়া খবৰ সন্দৰ্ভতো আলোচনা কৰিব এই বৈঠকত ।

You might also like