নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্ৰতিমা পাণ্ডেৰ মৃত্যুবার্ষিকী পালন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ ২০ সংখ্যক মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি আজি চান্দৰডিংগা ফাউণ্ডেচনৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্য্যসূচীৰ “প্ৰতিমা ২০২২” শীৰ্ষক এক কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। আজি পুৱা খেলপথাৰখনত “চান্দৰডিংগা ফাউণ্ডেচন”ৰ সভাপতি তথা প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃ প্ৰৱীৰ বৰুৱাৰ পতাকা উত্তোলনেৰে আজিৰ সেই বিশেষ কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে বিয়লিৰ ভাগত প্ৰয়াত শিল্পী গৰাকীৰ স্মৃতিত অনুষ্ঠিত হয় মনোজ্ঞ এক স্মৃতিচাৰণ সভা। প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃ তথা চান্দৰডিংগা ফাউণ্ডেচন”ৰ সভাপতি প্ৰৱেশ বৰুৱাই সঞ্চালনাত অনুষ্ঠিত সভাখনতেই ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী বিশিষ্ট শিল্পীক “চান্দৰডিংগা ফাউণ্ডচেন”ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। স্মৃতিচাৰণ সভাখনত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সহপাঠী তথা গৌৰীপুৰৰ পি. চি. ইনষ্টিউচনৰ প্ৰাক্তন অধ্যক্ষা অশোকা চক্ৰৱৰ্তীয়ে প্ৰয়াত সহপাঠীগৰাকীৰ স্মৃতি সুঁৱৰি এক চমু ভাষণ প্ৰদান কৰে। স্মৃতি চাৰণ সভাখনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডঃ প্ৰতিমা নিয়োগীয়ে দিয়া মনোগ্ৰাহী ভাষণত প্ৰতিমা পাণ্ডে বৰুৱা কেৱল এগৰাকী শিল্পীয়েই নহয়: এই অঞ্চলৰ লোকৰ এক পৰিচয় আছিল বুলি উল্লেখ কৰে। সভাখনত প্ৰয়াত শিল্পীগৰাকীৰ ভাতৃ প্ৰৱীৰ বৰুৱাকে ধৰি বিভিন্ন বক্তাই কালজয়ী সেই লোকগীতৰ সাম্ৰাজ্ঞীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত মনোজ্ঞ বক্তব্য আগবঢ়ায়। আজিৰ এই সভাখনত অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম প্ৰান্তৰ ধৰ্ম জাগৰণ প্ৰমুখ যোগেশ শাস্ত্ৰী প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। স্মৃতি চাৰণ সভাখনৰ অন্তত অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱাৰ তত্বাবধানত নিৰ্মিত “ধুবুনীৰ পৰা ধুবুৰী – এক বৰ্ণিল যাত্ৰা” শীৰ্ষক এখন তথ্যচিত্ৰ উদ্বোধন কৰা হয়। ধুবুৰীৰ ইতিহাস প্ৰসিদ্ধ সাংস্কৃতিক ক্ষেত্ৰসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যেৰে নিৰ্মাণ কৰি উলিওৱা মনোগ্রাহী সেই তথ্যচিত্ৰখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কে. এ. চি. ৰ মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মনে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like