নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা লখিমপুৰ পথৰ ঘাগৰ সোৱণশিৰি নদীৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ঢকুৱাখনাৰ পৰা ঘুণাসুঁতি হৈ লখিমপুৰ লোক নিৰ্মাণ ( পথ ) বিভাগৰ  পথটো মেৰামতি কৰি ঘাগৰ সোৱণশিৰি নদীৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণৰ দাবী জনাইছে দুই সমষ্টিবাসীৰ লগতে পথচাৰীয়ে ৷

ঢকুৱাখনা সদৰৰ পৰা লখিমপুৰ জিলা সদৰলৈ মাত্ৰ ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথটো সুচল কৰি ঘাগৰ সোৱণশিৰি নদীৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ বাবে ঢকুৱাখনা সোৱণশিৰী ঘুণাসুঁতি আদি অঞ্চলৰ বিভিন্ন দল-সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ উপৰি ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো কোনো ফল নধৰাত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে দুই সমষ্টিবাসীয়ে।

যাতায়াতৰ ক্ষেত্ৰত বেবেজীয়া চাৰিআলিৰ পৰা ঘুণাসুঁতিলৈ যোৱাৰ পথত মৰা সোৱণশিৰী নদীৰ ওপৰত এখন বাঁহৰ দলঙেৰে গাঁঠিৰ ধন ভাঙি যাতায়াত কৰিব লগা হোৱাৰ উপৰি ঘুণাসুঁতিৰ পৰা ঘাগৰ নদীৰ পাৰ ঘাটলৈকে প্ৰায় ডেৰ কিলোমিটাৰ পথ  শুকুলা বালিৰ ওপৰেৰে বিপদসংকুল যাতায়াত কৰিব লাগে জনসাধাৰণে৷

তদুপৰি ঘাগৰ নদীৰ ফেৰী সেৱাৰ সময়সূচী মতে চলাচল কৰা একমাত্ৰ ফেৰীখন পাবলৈ কিছু পলম হ’লেই ঘাট পাৰ হ’বলৈ ঘাগৰ নদীৰ পাৰত প্ৰতিকূল বতৰতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিব লাগে দুৰ্ভগীয়া পথচাৰীয়ে ৷

ঢকুৱাখনা সদৰৰ পৰা লখিমপুৰ জিলা সদৰলৈ অতি চমু উক্ত পথেৰে অতি কম সময়তে যাতায়াত কৰিব পৰাৰ বিপৰীতে ঢকুৱাখনীয়া ৰাইজে ধেমাজি জিলাৰ গোগামুখ হৈ অতিৰিক্ত সময় আৰু ধন খৰচ কৰি অহা-যোৱা কৰিব লগা হয়।

ঢকুৱাখনাবাসীয়েও বিজেপি চৰকাৰৰ শাসন কালত উক্ত পথ-দলং নিৰ্মাণৰ আশা দেখিছিল যদিও যোৱা ৫ টা বছৰত বিজেপি শাসিত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কোনো পদক্ষেপ নোলোৱাত দুৰ্ভোগৰ সন্মুখীন হৈছে লখিমপুৰ ঢকুৱাখনাৰ দুই সমষ্টিবাসী।

You might also like