নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেৰণা পুথিভঁৰালৰ ২১৩ সংখ্যক বৈঠক সম্পন্ন, প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ প্ৰেৰণা পুথিভঁৰালৰ সাহিত্য, সংস্কৃতি আৰু সমাজ বিষয়ক মাহেকীয়া অনুষ্ঠান ‘সাধনা সাহিত্য চ’ৰা’ৰ ২১৩ সংখ্যক মাহেকীয়া বৈঠকখন যোৱা ২৮ ফেব্ৰুৱাৰীত যুৱ ঔপন্যাসিক নীলোৎপল তালুকদাৰৰ ৱ‍্যৱস্থাপনাত নলবাৰী জিলাৰ টেঙাবাৰীত অনুষ্ঠিত হৈ যায়।

ভাস্বতী তালুকদাৰ আৰু দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই পৰিৱেশন কৰা বিষ্ণুৰাভা সংগীতেৰে আৰম্ভ হোৱা বৈঠকৰ কেন্দ্ৰীয় বিষয় আছিল ‘বি.জে.পি.ক প্ৰতিহত কৰাৰ প্ৰয়োজনীয়তা : প্ৰসংগ ২১ ৰ নিৰ্বাচন ‘। এই বিষয়ে আলোচনা আগবঢ়াই কমলনয়ন মিশ্ৰই কয়- ‘বি.জে.পি এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা দল। বি.জে.পি. দলটো আদৰ্শগতভাৱেই সাম্প্ৰদায়িক, তেওঁলোকৰ মূল লক্ষ্য ভাৰতবৰ্ষত এখন হিন্দু ৰাষ্ট্ৰ গঢ়ি তোলা।’

এই বৈঠকতে ‘বলি বিধান কিমান প্ৰাসংগিক’ শীৰ্ষক প্ৰবন্ধ পাঠ কৰে কাকলি বৰ্মনে। বিষয়টোৰ ওপৰত পৰিপূৰক আলোচনা আগবঢ়াই জে.এন.ইউ.ৰ গৱেষক ছাত্ৰ অংশুমান শৰ্মাই কয় যে মানুহে অসহায় হ’লে ধৰ্মত আশ্ৰয় লয় আৰু সামাজিক জীৱনৰ অংশীদাৰ হ’বলৈহে ধৰ্ম পালন কৰে।

আনহাতে এচাম লোকে ৰাজনৈতিক কাৰণত ধৰ্মক উচটনি দি আহিছে। বিভিন্ন মানুহে ধৰ্মৰ নামত শ্লোগান দি ৰাজনৈতিক নেতা-পলিনেতা হৈ দলিত-পতিতসকলক শোষণ কৰিছে । বৈঠকত ‘ডাৰউইনৰ তত্ত্ব’ শীৰ্ষক বিজ্ঞান বিষয়ক প্ৰবন্ধ পাঠ কৰে হৃষীকেশ বৰপূজাৰীয়ে আৰু ‘২১ৰ বাজেট জনগণৰ বাবে নে পুঁজিপাতিৰ বাবে ?’ শীৰ্ষক প্ৰবন্ধ পাঠ কৰে গুঞ্জন প্ৰতীম ভূঞাই।

‘অৰণ্য মানৱ যাদৱ পায়েং আৰু তেওঁৰ মৰমৰ মুলাই কাঠনি’ শীৰ্ষক প্ৰবন্ধ পাঠ কৰি বিশিষ্ট পৰিৱেশ কৰ্মী ভূপেন কুমাৰ দাসে পৰিৱেশ ধ্বংসৰ বাবে চৰকাৰক জগৰীয়া কৰে। বৈঠকত কবিতা পাঠ কৰে হিমাদ্ৰী মেধিয়ে । কাগজেৰে বনোৱা শিল্পকৰ্ম প্ৰদৰ্শন কৰে ক্ৰমে ভাস্বতী তালুকদাৰ আৰু তৰালি শৰ্মাই।

ইফালে বৈঠকত প্ৰেৰণা পুথিভঁৰালৰ মাহেকীয়া প্ৰতিবেদন পাঠ কৰে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই আৰু পুথিভঁৰাললৈ কেইবাখনো গ্ৰন্থ দান কৰে জগদীপ মেধিয়ে । স্বৰ্ণালী শৰ্মাই নৃত্য পৰিৱেশন, কমলনয়ন মিশ্ৰ আৰু দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই সংগীত পৰিৱেশন কৰা এই বৈঠকৰ সমাপ্তি ঘটে তৰালি শৰ্মাৰ দ্বাৰা সম্পাদিত ‘অন্বেষণ’ শীৰ্ষক মাহেকীয়া প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ দ্বাৰা। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে জে.এন.ইউ.ৰ গৱেষক ছাত্র অংশুমান শৰ্মাই।

You might also like