নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মেডিকেল কেণ্টিনত খাদ্যৰ নামত বৰবিহ ভজা মাছত ওলাল পোক

নিয়মীয়া বাৰ্তা  ৫ ডিচেম্বৰঃ ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰবেশ দ্বাৰৰ সন্মুখতে থকা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত হাজৰিকা মেডিকেল কেণ্টিন ঢকুৱাখনাত খাদ্যৰ নামত যোগান ধৰিছে পোক লগা মাছ ৷

ঘটনাৰ বিৱৰণি মতে ঢকুৱাখনা মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ অভিভাৱকে মেডিকেল কেণ্টিনত আহাৰ খাই নিজ মাতৃৰ  বাবে খাদ্য লৈ যায় ৷ কিন্তু উক্ত খাদ্যত থকা ভজা মাছৰ পৰা লেওলেও পোক ওলাই অহাত সকলো হতবাক হৈ চিকিৎসকক খবৰ দিয়ে ৷

You might also like