নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বৰলুইতত চলিছে অবাধ বালিখনন-বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: ধুবুৰীৰ বৰলুইতত ব্যাপক ৰূপত আৰম্ভ হৈছে অবৈধ বালি খনন। দৰাচলতে জলস্তৰ কমি যোৱাৰ ফলত ধুবুৰীৰ বৰলুইতত এতিয়া সৃষ্টি হৈছে অসংখ্য বালিৰ চৰ। তাৰেই সুযোগ লৈ এতিয়া নৈখনৰ বুকুত এচামে আৰম্ভ কৰিছে অবাধ খনন। আনকি ধুবুৰী চহৰৰ ইতিহাস প্ৰসিদ্ধ নেতাই ধুবুৰী পাৰঘাটৰ পৰা লুইতৰ সিপাৰৰ নতি দূৰতো দীৰ্ঘদিনৰ পৰাই চলা দেখা গৈছেঅৱাধ খনন। কুন্তিৰচৰ নামৰ সেই চৰাঞ্চলটোৰ নৈখনৰ দাঁতিত চলি থকা সেই খনন কাৰ্য্য ধুবুৰীৰ নেতাই ধুবুৰী পাৰঘাটৰ পৰাই প্ৰত্যক্ষ কৰি আহিছে বহুতেই। তাৎপৰ্য্যপূৰ্ণ ভাৱে চহৰখনৰ ১নং ৱাৰ্ডৰ সেই অঞ্চলটোতে ধুবুৰীস্থ বনসংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য্যালয় আছে যদিও বিভাগটো কাৰো চকুত পৰা দেখা নগ’ল সেই দৃশ্য। ইপিনে চৰাঞ্চলটোৰ পাৰৰ এফালে এইদৰে চলি থকা অবৈধ বালি খননৰ বিষয়টো অৱগত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ আজি কুন্তিৰচৰত উপস্থিত হয় ধুবুৰীৰ স্থানীয় সাংবাদিকৰ দল এটা। দলটোক দেখি হুৱা-দুৱা লাগে অবৈধ সেই খননকাৰী চক্ৰটোৰ আৰু সকলোৱে পলায়ন কৰে সেই স্থানৰ পৰা। কিন্তু তাৰ মাজতে সাংবাদিকৰ কেমেৰাত বন্দী হয় নম্বৰ প্লেটবিহীন চাৰিখন ট্ৰেক্টৰেৰে বালি কঢ়িওৱাৰ দৃশ্য। আনকি সাংবাদিকৰ প্ৰশ্নত হোঁহোকা পিছলা কৰি জনৈক মজিদ নামৰ এজনৰ ব্যক্তিৰ নেতৃত্বত এইদৰে বালি খনন চলি থকা বুলি চাঞ্চল্যকৰ ভাষ্যও প্ৰদান কৰে ট্ৰেক্টৰ চালক এগৰাকীয়ে। উল্লেখ্য যে, ধুবুৰীৰ কাষেৰে বৈ যোৱা বৰলুইতৰ বিভিন্ন প্ৰান্তকে ধৰি চহৰখনৰ সমীপৱৰ্তী মতিৰচৰ, কাছাৰীহাট আদি অঞ্চল্যতো সম্পূৰ্ণ অবৈধ ভাবে নৈখনৰ পৰা খনন কৰা বালি নিতৌ ট্ৰেক্টৰে ট্ৰেক্টৰে সৰবৰাহ কৰি থকাৰো আছে দীৰ্ঘদিনীয়া অভিযোগ। ইপিনে ধুবুৰীৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত এইদৰে লুইতৰ বালিৰ অবৈধ খননৰ চলি থকাৰ ফলত কিন্তু চৰকাৰে হেৰুৱাবলগীয়া হৈ আছে লাখ লাখ টকাৰ ৰাজহ। ফলত স্বাভাৱিক ভাৱেই, ধুবুৰীৰ বন বিভাগে মাজে সময়ে চলোৱা অবৈধ বালি খনন বিৰোধী অভিযানবোৰ দৰাচলতে এক ভেকোভাওনা বুলিয়েই পৰিগণিত হৈছে। সমান্তৰালকৈ বৰলুইতৰ অবৈধ খননক লৈ বিভাগটোৰ উদাসীনতাক লৈ উত্থাপিত হৈছে প্ৰশ্নৰো।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like